গোলাঘাট জিলাত অন্তৰ্ভুক্ত বেকাজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাত গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ
গোলাঘাট, ২০ আগষ্ট (হি.স.)। পূৰ্বে তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান গোলাঘাট জিলাত অন্তৰ্ভুক্ত হোৱা বেকাজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাত গাঁৱৰ কৃষি ভূমিৰ লগতে বিদ্যালয় পুতি পেলাইছে বেকাজান নামৰ জান খনে। কিন্তু বছৰ বছৰ ধৰি এই সমস্যাৰ সমাধান নহল ।যোৱা দুব
গোলাঘাট জিলাত অন্তৰ্ভুক্ত বেকাজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাত গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ


গোলাঘাট, ২০ আগষ্ট (হি.স.)। পূৰ্বে তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান গোলাঘাট জিলাত অন্তৰ্ভুক্ত হোৱা বেকাজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাত গাঁৱৰ কৃষি ভূমিৰ লগতে বিদ্যালয় পুতি পেলাইছে বেকাজান নামৰ জান খনে। কিন্তু বছৰ বছৰ ধৰি এই সমস্যাৰ সমাধান নহল ।যোৱা দুবছৰ মানৰ পূৰ্বে এই গাওঁ পঞ্চায়ত খন সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গোলাঘাট জিলাত অন্তৰ্ভুক্ত হোৱাত ৰাইজে বাৰম্বাৰ মন্ত্ৰী অজন্তা নেওগ আবেদন নিৱেদন দিয়াৰ পাছত বেকাজান নামৰ জান খনৰ খনন কাৰ্য্য আৰম্ভ হয় ।

কিন্তু এটা দুষ্ট চক্ৰয়ে এক মোটা অংকৰ ধনৰ লোভত এই খনন কাৰ্যত বাধা প্ৰদান কৰাত আজি ওলাই আহিল গাঁৱৰ চহা কৃষক ৰাইজ ৰাইজে সাৱস্ত কৰিলে উত্তাল প্ৰতিবাদ । ৰাইজৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰী গৰাকীৰ ধন্যবাদ দিয়াৰ লগতে এই দুষ্ট চক্ৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande