
ডিব্ৰুগড়, ২০ আগষ্ট (হি.স.)। দুলীয়াজানৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড । দৈনিক বজাৰৰ জ্যোতি নগৰত অগ্নিকাণ্ডৰ সূত্ৰপাত। এই অগ্নিকাণ্ডৰ ফলত কেইবাটাও বাসগৃহ ভস্মীভূত। প্ৰথমে প্ৰচণ্ড শব্দৰে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিচতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
জিণ্টু পাল আৰু কৃষ্ণ তলিচদাৰ নামৰ ব্যক্তি দুগৰাকীৰ বাসগৃহৰ লগতে কেইবাটাও ভাড়া ঘৰৰ লগতে কেইবা লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তি জুইত জাহ যায়। জুইৰ লেলিহান শিখাই সমীপৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ জুই বিয়পি যোৱাৰ আশংকাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। বিদ্যুৎ বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা