
বাক্সা, ২০ আগষ্ট (হি.স.)। বাক্সা জিলাৰ বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত বালা বুনগাওঁত বিষাক্ত ফেঁটী সাপ উদ্ধাৰ। বালা-বুনগাওঁৰ ধনেশ্বৰ স্বৰ্গীয়াৰীৰ বাসগৃহৰ পৰা বনবিভাগ আৰু এছএছবি ৰ এটা দলে উদ্ধাৰ কৰে বিষাক্ত সাপডাল। বিগত দু দিনৰে পৰা সাঁপডালে অঞ্চলটোৰ বহুকেইটা কুকুৰা পোৱালীৰ লগতে হাঁহ পোৱালী ভক্ষণ কৰাৰ খবৰ পৰিয়ালটোৱে বনবিভাগক অৱগত কৰে।
প্ৰাপ্ত খবৰৰ পিছতেই বনবিভাগৰ লোকে উদ্ধাৰ অভিযান চলাই এটা নলাৰ ভিতৰত আৱদ্ধ অৱস্থাত উদ্ধাৰ কৰে বিষাক্ত সাঁপডাল। বনবিভাগৰ লোকে জানিব দিয়া মতে সাঁপটো টেকটিকেল কোব্ৰা বুলি চিনাক্ত কৰা হৈছে।
বনবিভাগে সাঁপডাল উদ্ধাৰ কৰি মানস চৌকীৰ বনাঞ্চলত মুকলি কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু