
গোলাঘাট, ২০ আগষ্ট (হি.স.)। খুমটাইৰ এটা ব্যস্ত পথৰ দুৰৱস্থাই যমৰ যন্ত্ৰণা ভুগাইছে স্থানীয় ৰাইজ আৰু পথাচাৰীক । ভাৰত গৌৰৱ কাৰ্গিল শ্বহীদ কেপ্তেইন জিণ্টু গগৈৰ নামত উৎসৰ্গিত পথটোৰ এতিয়া বিভিন্ন অংশত সৃষ্টি হৈছে মৰণ ফাণ্ড সদৃশ বৃহৎ বৃহৎ গাঁতৰ । খুমটাইৰ চাৰিআলিৰ ঐতিহাসিক ধোদৰ আলিৰ পৰা বাদুলি পাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথটোত দৈনিক বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় , খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় , চাহ বাগিচা আৰু নুমলীগড় শোধনাগাৰলৈ যায় হাজাৰ হাজাৰ পথাচাৰী আৰু বাহন ।
৬ বছৰ পূৰ্বেই অন্তিম বাৰৰ বাবে নিৰ্মাণ কৰা পথটোত উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ আমোলত নহ'ল কোনো উন্নয়ন। কেইবাটাও ভয়ানক দুৰ্ঘটনাই এই বিধ্বস্ত পথটোত প্ৰাণ লৈছে কেইবাজনো দুৰ্ভগীয়া লোকৰ । চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ । লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক পথটো অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থা ল'বলৈ আহ্বান স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ