উজনিৰ জলপ্ৰলয়ে আজি সম্পূৰ্ণ এটা মাহ অতিক্ৰম কৰিছে
যোৰহাট, ২০ আগষ্ট (হি.স.)। উজনিৰ জলপ্ৰলয়ে আজি সম্পূৰ্ণ এটা মাহ অতিক্ৰম কৰিছে। বিগত ২০ জুলাইত মৰিয়নি সমষ্টিৰ বনাই ধনতোলা অঞ্চলত জাঁজী নদীৰ বাঢ়নী পানীয়ে চিঙিছিল উক্ত মথাউৰি। ফলস্বৰূপে বৃহত্তৰ বনাইকে ধৰি টীয়ক পৰ্যন্ত বিস্তৃত অঞ্চল প্লাৱিত হৈ পৰিছিল
উজনিৰ জলপ্ৰলয়ে আজি সম্পূৰ্ণ এটা মাহ অতিক্ৰম কৰিছে


যোৰহাট, ২০ আগষ্ট (হি.স.)। উজনিৰ জলপ্ৰলয়ে আজি সম্পূৰ্ণ এটা মাহ অতিক্ৰম কৰিছে। বিগত ২০ জুলাইত মৰিয়নি সমষ্টিৰ বনাই ধনতোলা অঞ্চলত জাঁজী নদীৰ বাঢ়নী পানীয়ে চিঙিছিল উক্ত মথাউৰি। ফলস্বৰূপে বৃহত্তৰ বনাইকে ধৰি টীয়ক পৰ্যন্ত বিস্তৃত অঞ্চল প্লাৱিত হৈ পৰিছিল ।

ৰাইজৰ ঘৰ দুৱাৰ,আচবাব, পশুধন, ধাননি পথাৰ,বিদ্যালয়,পানী যোগান আঁচনিৰ হৈছিল বিস্তৰ ক্ষতিসাধন।

চকুলো তুকিছিল এইসকল বানাক্ৰান্তই । আজি সেই কালৰূপী পুৱাই সম্পূৰ্ণ কৰিছে এটা মাহ,আজিও দুখ দুৰ্গতি মষিমুৰ হোৱা নাই এইসকল বানাক্ৰান্তৰ। যদিও মথাউৰিৰ চিঙা অংশ মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাত মেৰামতিৰ প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে।

ৰাইজ আজি সুৰক্ষিত। যদিও হেপাঁহৰ ঘৰখন,পথাৰ খন বানত ক্ষতিগ্ৰস্ত হৈছিল তথাপিও এইদৰে এটা মাহৰ ভিতৰত প্ৰতিকূল বতৰকো নেওচি মথাউৰিটো মেৰামতি কৰাত আজি ৰাইজে সকাহ পাইছে। ইপিনে বিধায়ক গৰাকীয়েও নিজে প্ৰতিদিনে উক্ত মথাউৰিৰ মেৰামতিৰ কাম তদাৰক কৰিছে আৰু দুই এদিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছে

লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ পৰ্যায়ক্ৰমে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতিয়ে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande