পি এম এছ আঁচনিৰ অধীনত তেজপুৰত মহিলা উদ্যোগীসকলৰ ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ সম্পন্ন
–১২০ গৰাকী মহিলা উদ্যোগীয়ে ব্যৱসায়ীক বিকাশৰ বাবে গ্ৰহণ পাঠ শোণিতপুৰ, ২০ আগষ্ট: (হি.স.) । পি এম এছ আঁচনিৰ অধীনত পেকেজিং, ব্ৰেণ্ডিং আৰু মাৰ্কেটিং” শীৰ্ষক মহিলা উদ্যোগীসকলৰ এখন ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ কালি তেজপুৰৰ হোটেল ৱেলকিন ৰেচিডেন্সীত Br. MS
পি এম এছ আঁচনিৰ অধীনত তেজপুৰত মহিলা উদ্যোগীসকলৰ ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ সম্পন্ন


–১২০ গৰাকী মহিলা উদ্যোগীয়ে ব্যৱসায়ীক বিকাশৰ বাবে গ্ৰহণ পাঠ

শোণিতপুৰ, ২০ আগষ্ট: (হি.স.) । পি এম এছ আঁচনিৰ অধীনত পেকেজিং, ব্ৰেণ্ডিং আৰু মাৰ্কেটিং” শীৰ্ষক মহিলা উদ্যোগীসকলৰ এখন ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ কালি তেজপুৰৰ হোটেল ৱেলকিন ৰেচিডেন্সীত Br. MSME-Development & Facilitation Office, Tezpur-ৰ উদ্যোগত আৰু Edupur Foundation NGO, Tezpur-ৰ সহযোগত অনুষ্ঠিত হৈ যায় । এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল MSMEসমূহৰ মাজত পেকেজিং, ব্ৰেণ্ডিং, মাৰ্কেটিং আৰু বিভিন্ন চৰকাৰী সহায় আঁচনি সম্পৰ্কে সজাগতা সৃষ্টি কৰা ।

আলোচনা-চক্ৰখনত প্ৰায় ১২০ গৰাকী মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰে আৰু ব্যৱসায়িক বিকাশৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে । উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰৰ বিভাগীয় মুৰব্বী ড০ মধুৰিমা গোস্বামীয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। কাৰিকৰী অধিৱেশনত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হয়। “Marketing” বিষয়ত Edupur Foundation NGO, Tezpur-ৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক অমিত ৰাজ কোঁৱৰে বক্তব্য আগবঢ়ায়। “Branding & Design Aspect of Packaging” বিষয়ত Guwahati-ৰ Pencil Design Studio-ৰ প্ৰতিষ্ঠাপক ঋতুৰাজ ফুকনে বক্তব্য আগবঢ়ায় । “General Aspect of Packaging and its Importance” বিষয়ত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ Food Engineering & Technology Department-ৰ সহকাৰী অধ্যাপক ড° টাবলী ঘোষে বক্তব্য আগবঢ়ায়।

“Ease of Doing Business through GeM” বিষয়ত GeM Trainer & Consultant, Northeast Region, Guwahati-ৰ সুপ্ৰিতি প্ৰিয়াই বক্তব্য আগবঢ়ায়। “Incentive Schemes of Govt. of Assam regarding Promotion of MSMEs” বিষয়ত DICC, Tezpur, Sonitpur-ৰ General Manager I/C ঈশান মজিন্দৰ বৰুৱাই বক্তব্য আগবঢ়ায়। “Banking Schemes to Promote MSMEs” বিষয়ত UCO Bank, Sonitpur-ৰ LMD ব্ৰজেশ কুমাৰ সিঙে বক্তব্য আগবঢ়ায়। এই কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণ কৰা উদ্যোগীসকলে নিজৰ সামগ্ৰীৰ মান উন্নত কৰা, ব্ৰেণ্ড অধিক শক্তিশালী কৰা আৰু উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন চৰকাৰী তথা বিত্তীয় সহায়ৰ ব্যৱস্থা লাভ কৰাৰ ক্ষেত্ৰত মূল্যৱান জ্ঞান আৰু দিশ-নিৰ্দেশনা লাভ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande