উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিমাহজোৰা সতৰ্কতা সজাগতা অভিযান আৰম্ভ
গুৱাহাটী, ২০ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সতৰ্কতা সজাগতা সপ্তাহৰ সূচনা উপলক্ষ্যে ১৭ আগষ্টৰ পৰা ১৮ নৱেম্বৰ, ২০২৬ লৈ তিনিমাহজোৰা সতৰ্কতা সজাগতা অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে ৰে’লৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰী সকলৰ মাজত সততা, স্
गुवाहाटीः पूसीरे के तीन माह व्यापी सतर्कता जागरूकता अभियान के अवसर पर शपथ पाठ का दृश्य


গুৱাহাটী, ২০ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সতৰ্কতা সজাগতা সপ্তাহৰ সূচনা উপলক্ষ্যে ১৭ আগষ্টৰ পৰা ১৮ নৱেম্বৰ, ২০২৬ লৈ তিনিমাহজোৰা সতৰ্কতা সজাগতা অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে ৰে’লৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰী সকলৰ মাজত সততা, স্বচ্ছতা আৰু নৈতিক আচৰণৰ প্ৰসাৰ ঘটোৱাৰ লগতে ৰাজহুৱা সেৱাত সতৰ্কতা বজাই ৰখাৰ গুৰুত্ব সম্পৰ্কে অধিক সজাগতাৰ সৃষ্টি কৰা।

এনএফআৰৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে এই অভিযানৰ অংশ হিচাপে ২০ আগষ্ট, ২০২৬ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় চৌহদত সততাৰ শপত বাক্য পাঠ কৰোৱায়। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ) ৰ মহাপ্ৰবন্ধক আশীষ বানছালে মালিগাঁৱৰ মহাপ্ৰৱন্ধক (নিৰ্মাণ)ৰ কাৰ্যালয় চৌহদত শপত গ্ৰহণ অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সকলো মণ্ডলৰ মণ্ডল ৰে’লৱে প্ৰবন্ধক সকলৰ লগতে সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে পৰিয়ালৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰী সকলেও সততাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই শপত গ্ৰহণৰ মূল লক্ষ্য হৈছে ৰেলৱেৰ সমগ্ৰ কামকাজৰ ক্ষেত্ৰত সততা আৰু স্বচ্ছতা প্ৰতিষ্ঠা কৰি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে, বিশেষকৈ কৰ্মক্ষেত্ৰত, দুৰ্নীতি নিৰ্মূল কৰা। চলিত বৰ্ষৰ সতৰ্কতা সজাগতা সপ্তাহৰ মূল বিষয়বস্তু হ’ব “সমৃদ্ধিৰ বাবে সততা।”

সজাগতা অভিযানৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় চৌহদৰ পৰা এক ৱাকাথন/সতৰ্কতা সজাগতা সমদলো উদ্বোধন কৰা হয়। এই সমদলত ৰে’লৱেৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ স্কাউটছ এণ্ড গাইডছেও অংশগ্ৰহণ কৰে। এই অভিযানৰ উদ্দেশ্য হৈছে ৰে’লৱে কামকাজৰ সকলো স্তৰত সততা, স্বচ্ছতা, সতৰ্কতা আৰু দায়বদ্ধতাৰ সংস্কৃতি অধিক শক্তিশালী কৰি সমগ্ৰ অংশীদাৰ সকলক এক স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰ্মপৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাবলৈ উৎসাহিত কৰা।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande