
শিৱসাগৰ, ২০ আগষ্ট (হি.স.)। বান খতিগ্ৰস্থ পৰিয়ালক কেচা ঘৰ যোগান ধৰা আঁচনি মিছন আশ্ৰয়ৰ আনুষ্ঠানিক শুভাৰম্ভ শিৱসাগৰত।
শিৱসাগৰত বিধায়ক অখিল গগৈ আজি এক সংবাদ মেল সম্বোধন কৰি এইদৰে সংবাদ মাধ্য়মক অবগত কৰে। তেও কয়, তিনিটা প্ৰকল্প থাকিব এই আঁচনিৰ ভিতৰত।
প্ৰকল্পত সহযোগিতা কৰিবলৈ দিচাং ৰিজৰ্ট আগবাঢ়ি আহিছে। প্ৰথমটো বান বিধ্বস্ত পৰিয়ালক এই আঁচনিৰ অধীনত ২০ টা ঘৰ নিৰ্মাণ কৰাৰ বাবে বিধায়ক গৰাকীৰ হাতত অৰ্পণ কৰিছে ৫ লাখ টকাৰ চেক । মিছন আশ্ৰয়ৰ বাবে ৰিজৰ্ট খনৰ স্বত্বাধিকাৰ গৰাকী আহি শিৱসাগৰত বিধায়ক গৰাকীৰ হাতত অৰ্পণ কৰিছে এখন গাঁৱ এডপ্ত কৰাৰ বাবে।
আনহাতে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি বিধায়ক গৰাকীয়ে আজিৰ সংবাদ মেলত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু