উত্তৰ গুৱাহাটী আৰু দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা মন্ত্ৰী কৌশিক ৰায়ৰ
-সন্মিলিত প্ৰচেষ্টাৰে প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি নিৰ্দিষ্ট সময়ত কাৰ্যক্ষম কৰিবলৈ আহ্বান গুৱাহাটী, ২০ আগষ্ট (হি.স.)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়ণ হৈ থকা উত্তৰ গুৱাহাটী আৰু দক্ষিণ-প
Minister Kaushik Rai Reviewing the Progress of North and South West Guwahati Water Supply Projects.


-সন্মিলিত প্ৰচেষ্টাৰে প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি নিৰ্দিষ্ট সময়ত কাৰ্যক্ষম কৰিবলৈ আহ্বান

গুৱাহাটী, ২০ আগষ্ট (হি.স.)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়ণ হৈ থকা উত্তৰ গুৱাহাটী আৰু দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্প দুটাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সমূহ পৰ্যালোচনা কৰে।

পুৱাৰ ভাগত মন্ত্ৰী গৰাকীয়ে উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়া সকলৰ সৈতে প্ৰকল্পটোৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক ৰোহন কুমাৰ ঝাই মন্ত্ৰী গৰাকীক অৱগত কৰে যে প্ৰকল্পটো উদ্বোধন কৰাৰ পৰ্যায়ত উপনীত হৈছে। প্ৰকল্পটোৰ মুঠ পাঁচটা ডি এম এ-ৰ ভিতৰত ইতিমধ্যে তিনিটা ডি এম এ-ৰ পৰিষ্কাৰকৰণ আৰু পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে। অৱশিষ্ট দুটা ডি এম এ-ৰ পৰিষ্কাৰকৰণ আৰু পৰীক্ষামূলক সঞ্চালনৰ কাম আই আই টি গুৱাহাটীৰ পৰা খহনীয়া সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে নিৰ্মাণ কৰা বেৰ আৰু আনুষংগিক সুৰক্ষা ব্যৱস্থাৰ সন্দৰ্ভত প্ৰয়োজনীয় অনুমোদন লাভ কৰাৰ পিছত গ্ৰহণ কৰা হ’ব।

মন্ত্ৰী গৰাকীয়ে প্ৰকল্পটোৰ বিভিন্ন অংশ পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়া সকলক সমন্বিতভাৱে আৰু নিষ্ঠা সহকাৰে কাম কৰি নিৰ্ধাৰিত সময়সূচী অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। প্ৰকল্পটোৰ জৰিয়তে পানী যোগানৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ দৈনিক পানী শোধন ক্ষমতা ৩৭ নিযুত লিটাৰ আৰু ইয়াৰ দ্বাৰা প্ৰায় ১৫,০০০টা পৰিয়ালক পানী যোগান ধৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। প্ৰকল্পটোৰ প্ৰায় ১২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিতৰণ নেটৱৰ্ক আৰু পাঁচটা ডি এম এ আছে।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পস্থলীতে অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। প্ৰকল্পটোৰ মুঠ পানী শোধন ক্ষমতা দৈনিক ১০৭ নিযুত লিটাৰ আৰু ইয়াৰ দ্বাৰা প্ৰায় ৩০,০০০টা পৰিয়ালক পানী যোগান ধৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। বৰ্তমান এই প্ৰকল্পটোৰ পানী পৰিশোধন ক্ষমতা দৈনিক ১৫ নিযুত লিটাৰ হৈছে।

সভাত গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালকে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা আৰু বাধাসমূহ মন্ত্ৰীগৰাকীক অৱগত কৰে। বিতং আলোচনাৰ অন্তত মন্ত্ৰী ৰায়ে সকলো সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ মাজত ঘনিষ্ঠ সমন্বয় স্থাপন কৰি বৰ্তমানৰ সমস্যাসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু প্ৰকল্পটো শীঘ্ৰে সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

সমস্যাসমূহৰ সমন্বিতভাৱে সমাধানৰ বাবে মন্ত্ৰীগৰাকীয়ে কাইলৈ এখন যুটীয়া পৰ্যালোচনা সভা আহ্বান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সভালৈ গুৱাহাটীৰ সংশ্লিষ্ট সকলো বিধায়ক আৰু লোক নিৰ্মাণ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, এনে এইচ আই ডি চি এল, ৰে’লৱে, অইল ইণ্ডিয়া লিমিটেড, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ লগতে কামৰূপ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলকে ধৰি সকলো সংশ্লিষ্ট বিভাগ আৰু সংস্থাক আমন্ত্ৰণ জনাবলৈ নিৰ্দেশ দিয়া হয়। সভাত প্ৰকল্পটোৰ বৰ্তমানৰ বাধাসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰি সকলো অংশীদাৰৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে সমাধানৰ পথ নিৰ্ধাৰণ কৰা হ’ব।

উল্লেখযোগ্য যে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পিছত দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পই মালিগাঁও, আদাবাৰী, জালুকবাৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰী কৌশিক ৰায়ে পুনৰ কয় যে গুৱাহাটীৰ নগৰীয়া পানী যোগান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে জনসাধাৰণক নিৰ্ভৰযোগ্য আৰু পৰ্যাপ্ত খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ বাবে পানী যোগান প্ৰকল্প সমূহ সময়মতে সম্পূৰ্ণ কৰা আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাটো অতি গুৰুত্বপূৰ্ণ।

মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন আৰু পৰ্যালোচনাৰ সময়ত গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক ৰোহন কুমাৰ ঝা, গুৱাহাটী জল ব’ৰ্ডৰ বিষয়া সকল আৰু এল এণ্ড টি-ৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande