



গুৱাহাটী, ২০ আগষ্ট (হি.স.)। যোৱা বুধবাৰে ৰাজধানী শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ বাইক ৰেলীৰ সময়ত অসম আৰু মেঘালয়ৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ফলস্বৰূপে মেঘালয়ৰ পৰা (খানাপাৰাৰ পৰা যোৰাবাট সীমান্তলৈ) গুৱাহাটী অভিমুখে যোৱা মেঘালয়ত পঞ্জীয়নভুক্ত যান-বাহনসমূহ অৱৰোধ কৰি ঘূৰাই পঠিওৱা হৈছে, যাৰ ফলত নাগৰিক আৰু যাত্ৰী উভয়ৰে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
যোৱা বুধবাৰে মেঘালয়ত অসমৰ পঞ্জীয়ন ভুক্ত বাহনক লক্ষ্য কৰি সংঘটিত হোৱা ভাঙি-ছিঙি সংঘটিত হোৱাৰ পাছত আজি মেঘালয়ৰ বাহনসমূহ অসমত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে। অসমৰ পৰিবহণ সংস্থা আৰু নাগৰিকে আজি মেঘালয়ৰ যান-বাহন আৱদ্ধ কৰি প্ৰতিশোধ লয়।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও টেক্সি বিবাদৰ উন্মেষ ঘটিছিল, যেতিয়া মেঘালয়ৰ কিছুমান বিশেষ সংগঠন আৰু টেক্সি ইউনিয়নে (যেনে সদৌ খাচী মেঘালয় পৰ্যটক টেক্সি সন্থা) মেঘালয়ৰ পৰ্যটনস্থলীত অসমীয়া পৰ্যটন বাহন প্ৰৱেশ নিষিদ্ধ কৰি নিয়ম প্ৰণয়ন কৰিছিল। সেই সময়ত অসমৰ মটৰ পৰিবহণ সংস্থা (মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চ)ৰ প্ৰতিবাদত গুৱাহাটী, যোৰাবাট, খানাপাৰাৰ সমীপত মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা যান-বাহন ৰখাইছিল।
যোৱা বুধবাৰে মেঘালয়ত সংঘটিত ঘটনাৰ পিছতে বৰ্তমান গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত চালক আৰু মালিকে মেঘালয়ৰ পৰা অহা বাহনসমূহ অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। ইয়াৰ ফলত সীমান্ত অঞ্চলত ব্যাপক উত্তেজনা সৃষ্টি হৈছে। যদিও দুয়োখন ৰাজ্যতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, তথাপিও উত্তেজনা অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ