
বৰপেটা, ২০ আগষ্ট (হি.স.)। বজালীৰ সৰুপেটাত ভূমিকেন্দ্ৰিক সংঘাত। বেদখলৰ অভিযোগত উত্তপ্ত সৰুপেটা। বুলডজাৰেৰে নিজেই উচ্ছেদ কৰিলে অভিযোগকাৰীয়ে। বজালীৰ সৰুপেটাত ভূমিকেন্দ্ৰিক সংঘাতক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। নলবাৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক ৰাতুল কুমাৰ দাস আৰু অএনজিচিৰ দন্ত চিকিৎসক মানস দাসৰ বিৰুদ্ধে দুই কঠা ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰতন সাহা নামৰ এজন লোকে।
ৰতন সাহাৰ অভিযোগ অনুসৰি, তেওঁৰ ভূমি বেদখল কৰি ৰখা হৈছিল। দীৰ্ঘদিন ধৰি নিজৰ ভূমি ঘূৰাই পোৱাৰ বাবে বিভিন্ন স্থানত আবেদন-অভিযোগ জনাই অহাৰ পিছতো সমাধান নোহোৱাত অৱশেষত তেওঁ নিজেই বুলডজাৰ লৈ উপস্থিত হৈ অভিযোগ কৰা বেদখলীকৃত ভূমি উচ্ছেদ কৰে।ইফালে, বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশকো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰতন সাহাই।
আনফালে বজালী জিলা আয়ুক্ত সহায়ক গৰাকীৰ ওপৰতো ক্ষোভ ৰতন সাহাৰ। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু সৰুপেটা আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। অৱশ্যে সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া পৰিণীতা চক্ৰৱৰ্তী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ