
শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ত আজি পুৱা প্ৰায় ৯-৩০বজাত নিৰ্মীয়মাণ এটা অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিক নিহত হয় ৷ বিশ্ববিদ্যালয়খনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেজপুৰ বিশ্ববিদ্যালয় চৌহদত নিৰ্মীয়মাণ চি আৰ্হিৰ অট্টালিকাটোৰ চতুৰ্থ মহলাত কাম কৰি থকা শ্ৰমিক আব্বাছ আলী ওৰফে বুলবুল তললৈ সৰি পৰে ৷ গুৰুতৰ ভাবে আহত হোৱা ২০বছৰীয়া শ্ৰমিকজনক লগে লগে তেজপুৰ নিকামূলস্থিত এখন নাৰ্ছিংহ’মলৈ অনা হয় য’দিও তেওঁৰ বাটতে মৃত্যু ঘটা বুলি প্ৰকাশ কৰে ৷
উল্লেখযোগ্য যে, বিশ্ববিদ্যালয় চৌহদত এই অট্টালিকাটো নিৰ্মাণ কৰি আছে গৌতম কনষ্ট্ৰাকশ্বন নামৰ প্ৰতিষ্ঠানটোৱে ৷ শ্ৰমিক সকলে অভিযোগ কৰে যে, অট্টালিকাটোত কাম কৰি থকা শ্ৰমিক সকলক কোনো ধৰণৰ সুৰক্ষামূলক সামগ্ৰী যোগান ধৰা নাই প্ৰতিষ্ঠানটোৱে ৷ শ্ৰমিকৰ তিনিটা গোটে কাম কৰি থকাৰ বিপৰীতে আজি দুৰ্ঘটনাটোত নিহত হোৱা শ্ৰমিকজনৰ গোটটোৰ এজন শ্ৰমিককো অট্টালিকাৰ ওপৰত কাম কৰাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া হুক তথা বেল্ট দিয়া হোৱা নাই ৷
উল্লেখযোগ্য যে, নিহত আব্বাছ হোজাই জিলাৰ যমুনামুখৰ শ’লমাৰি অঞ্চলৰ আব্দুল জলিলৰ পুত্ৰ আৰু আব্বাছৰ ভায়েকেও একেটা অট্টালিকাত দুৰ্ঘটনাৰ সময়ত কৰ্মৰত আছিল ৷ ইপিনে,পাছত নিহত শ্ৰমিকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ