
নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ইয়াৰ বিভিন্ন সংযুক্ত সংগঠনৰ কাম-কাজৰ জৰিয়তে অসমৰ উত্তৰ-পূব অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰৰ তথ্য সন্নিবিষ্ট ইংৰাজী গ্ৰন্থ ‘‘গ্ৰিট এণ্ড গ্লোৰী’’ অহা ২৫ আগষ্টত দিল্লীৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় কেশৱ কুঞ্জত উন্মোচন কৰা হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকিব পঞ্চজন্যাৰ সম্পাদক হিতেশ শংকৰ।
অনুষ্ঠানৰ আয়োজকসকলৰ মতে ইংৰাজী গ্ৰন্থ ‘‘গ্ৰিট এণ্ড গ্লোৰী’’ৰ লেখক অভিজিৎ জগ। সুৰুচি পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত কৰা হৈছে এই গ্ৰন্থখন। ১৯৬৫ চনৰ পৰা ১৯৭১ চনলৈ অসমৰ বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰা হৰিভাও মিৰাছদাৰে গ্ৰন্থখনৰ বিষয়বস্তু সংকলন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ সমগ্ৰ ৰাজ্যৰ কমেও ১৭৫ জন কৰ্মীৰ সাক্ষাৎকাৰ লয় আৰু আন আন তথ্য সংগ্ৰহ কৰে।
হৰিভাও মিৰাছদাৰে ‘হিন্দুস্থান সমাচাৰ’ক জনাইছে যে এই গ্ৰন্থখনত উত্তৰ-পূব অঞ্চলত আৰ এছ এছ আৰু ইয়াৰ বিভিন্ন সংগঠনে কঢ়িয়াই অনা সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ চমু বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও অসমত আৰ এছ এছৰ কাম সম্প্ৰসাৰণত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ৬২ জন কৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰো সন্নিবিষ্ট কৰা হৈছে।
মিৰাছদাৰৰ মতে, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আৰ এছ এছৰ কাম-কাজে কঢ়িয়াই অনা সাংস্কৃতিক পৰিৱৰ্তন আৰু ইয়াৰ কৰ্মীসকলৰ অৱদানৰ বিষয়ে বৰ্ণনা কৰা কোনো আনুষ্ঠানিক গ্ৰন্থ নাছিল। এই ব্যৱধান পূৰণৰ প্ৰয়াসৰ চেষ্টা হৈছে এই গ্ৰন্থখন। অসম আৰু অন্যান্য অঞ্চলত আৰ এছ এছৰ কাম সম্প্ৰসাৰণৰ পিছত অঞ্চলটোত কেনেদৰে সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন ঘটিল আৰু কোনবোৰ বিশিষ্ট ব্যক্তিয়ে ইয়াত অৰিহণা যোগাইছিল সেই কথা বুজিবলৈ সহায় কৰিব।
ইংৰাজীৰ পাছত এই গ্ৰন্থখন অতি সোনকালে মাৰাঠী, হিন্দী আৰু অসমীয়া ভাষাত প্ৰকাশিত কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ