
কোকৰাঝাৰ, ২০ আগষ্ট (হি.স.)। পৰ্বতঝোৰাৰ টিপকাইত নিশা সংঘটিত এক শোকাবহ ঘটনা। টিপকাই ৰেল ষ্টেছনৰ সমীপত ৰেলৰ চেপাত নিহত এগৰাকী যুৱতী। নিহত যুৱতী গৰাকী ৰঙামাটি ঝাৰ ১ম খণ্ডৰ মমতা নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
অৱশ্য়ে যুৱতী গৰাকী ৰেলৰ আগত পৰি আত্মহত্য়া কৰিলে নে ই এক দুৰ্ঘটনা অথবা ঘটনাটোৰ আৰত আন কিবা ৰহস্য় লুকাই আছে উক্ত বিষয়ে ৰেল আৰক্ষীৰ তদন্ত আৰম্ভ। আৰক্ষী বৰ্তমান অনুসন্ধান অব্য়াহত ৰাখিছে। বিভিন্ন জনক সোধাপোচা কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু