ডিব্ৰুগড়ত আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ইমতিয়াজ হুছেইন
ডিব্ৰুগড়, ২০ আগষ্ট (হি.স.)। ডিব্ৰুগড় মহানগৰৰ চিৰিং চাপৰিৰ সমীপত থকা নিজ গৃহতে দুৱাৰ বন্ধ কৰি আত্মগোপন কৰি থকাৰ পৰা আৰক্ষীয়ে আটক কৰে ইমতিয়াজক। কেতিয়াবা চাকৰি দিয়াৰ, কেতিয়াবা কাৰোবাক দোকান দিয়াৰ নামত লাখ লাখ টকা লৈ বিনা দিধাই ঘূৰি ফু
ডিব্ৰুগড়ত আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ইমতিয়াজ হুছেইন


ডিব্ৰুগড়, ২০ আগষ্ট (হি.স.)।

ডিব্ৰুগড় মহানগৰৰ চিৰিং চাপৰিৰ সমীপত থকা নিজ গৃহতে দুৱাৰ বন্ধ কৰি আত্মগোপন কৰি থকাৰ পৰা আৰক্ষীয়ে আটক কৰে ইমতিয়াজক।

কেতিয়াবা চাকৰি দিয়াৰ, কেতিয়াবা কাৰোবাক দোকান দিয়াৰ নামত লাখ লাখ টকা লৈ বিনা দিধাই ঘূৰি ফুৰা ইমতিয়াজক নিজ ঘৰৰ পৰাই আৰক্ষীয়ে আটক কৰে।

ইমতিয়াজক বিচাৰি আজি তেওঁৰ বাসগৃহত আৰক্ষী উপস্থিত হয় যদিও তেওঁ আৰক্ষীক দুৱাৰ খুলি দিয়া নাছিল। বহু সময় ধৰি দুৱাৰ খুলি নিদিয়াত উপায়ন্তৰ হৈ আৰক্ষীয়ে দণ্ডাধীশক খবৰ দিব লগীয়া হয় আৰু দণ্ডাধীশৰ উপস্থিতিত দুৱাৰ ভাঙি ইমতিয়াজক উলিয়াই আনি গ্ৰেপ্তাৰ কৰে।

ইমতিয়াজৰ বিৰুদ্ধে কেতিয়াবা নিজকে চিকিৎসক, কেতিয়াবা অধিবক্তা ইত্যাদি পৰিচয় দিয়াৰো অভিযোগ আছে।

ইমতিয়াজৰ বাসগৃহৰ গেৰেজ পৰা উদ্ধাৰ হৈছে কেইবাখনো বিলাসী বাহন। ইয়াৰ মাজৰ ইনোভা ক্ৰিষ্টা বাহন এখন আৰক্ষীয়ে জব্দ কৰিছে।

ডিব্ৰুগড় সদৰ থানাত ইমতিয়াজৰ বিৰুদ্ধে দুটা গোচৰ পঞ্জীয়নভুক্ত হৈ আছে।

ইমতিয়াজৰ পত্নী মনিশা বেগম ওৰফে পিংকিকো আৰক্ষীয়ে আটক কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande