শিৱসাগৰৰ বানপীড়িতৰ মাজত দ্য গ্ৰেট খালি, মানৱতাৰ নিদৰ্শন
শিৱসাগৰ, ২০ আগষ্ট (হি.স.)। শিৱসাগৰৰ বানপীড়িতৰ মাজত আজি উপস্থিত হয় দ্য গ্ৰেট খালি। বানবিধ্বস্থ লোকৰ মাজত খালিয়ে দেখুৱালে মানৱতাৰ নিদৰ্শন। ডব্লিউডব্লিউই ৰিঙত প্ৰতিদ্বন্দ্বীক নিৰ্দয় ভাৱে প্ৰহাৰ কৰাৰ বাবে চৰ্চিত দ্য গ্ৰেট খালিয়ে আজি জয় কৰিলে শিৱসা
শিৱসাগৰৰ বানপীড়িতৰ মাজত দ্য গ্ৰেট খালি, মানৱতাৰ নিদৰ্শন


শিৱসাগৰ, ২০ আগষ্ট (হি.স.)। শিৱসাগৰৰ বানপীড়িতৰ মাজত আজি উপস্থিত হয় দ্য গ্ৰেট খালি। বানবিধ্বস্থ লোকৰ মাজত খালিয়ে দেখুৱালে মানৱতাৰ নিদৰ্শন। ডব্লিউডব্লিউই ৰিঙত প্ৰতিদ্বন্দ্বীক নিৰ্দয় ভাৱে প্ৰহাৰ কৰাৰ বাবে চৰ্চিত দ্য গ্ৰেট খালিয়ে আজি জয় কৰিলে শিৱসাগৰবাসীৰ হৃদয়।

বানে বিধ্বস্ত কৰা শিৱসাগৰ জিলাৰ দৰিকা কৈৱৰ্ত গাঁৱত আজি উপস্থিত হয় ডব্লিউডব্লিউই ছুপাৰষ্টাৰ দ্য গ্ৰেট খালি । বানৰ কোপত সৰ্বস্ব হেৰুওৱা গাঁওখনৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত তেওঁ সাহায্য সামগ্ৰী বিতৰণ কৰে। ৰিঙৰ ভিতৰত যিমান নিৰ্দয়, ৰিঙৰ বাহিৰত সিমানেই দয়ালু খালি। বৰ্তমান তেওঁ পঞ্জাৱত নিজৰ ৰেছলিং একাডেমী চলাই আছে।

বানে ধোৱা গাঁওখনত খালিৰ এই মহানুভৱতাই সকলোৰে মনত এক মানৱতাৰ নিদৰ্শন হিচাপে ৰৈ যাব।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande