মঙলদৈৰ বৰকুমাৰপাৰাত চাহপাত কঢ়িওৱা বাহনত সংঘটিত অগ্নিকাণ্ড
দৰং, ২০ আগষ্ট (হি.স.)। মঙলদৈৰ বৰকুমাৰপাৰাত ৰহস্যজনক ঘটনা। চাহপাত কঢ়িওৱা বাহনত সংঘটিত অগ্নিকাণ্ড। ঘটনা অনুসৰি নিশা বৰকুমাৰপাৰাৰ বুবুল কুমাৰ বনিয়া নামৰ গাড়ী চালক এজনে নিশা এ এছ ২৫-ইচি ৯৭৪৮ নম্বৰৰ ট্ৰাক খন লৈ গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত মঙ
মঙলদৈৰ বৰকুমাৰপাৰাত চাহপাত কঢ়িওৱা বাহনত সংঘটিত অগ্নিকাণ্ড


দৰং, ২০ আগষ্ট (হি.স.)। মঙলদৈৰ বৰকুমাৰপাৰাত ৰহস্যজনক ঘটনা।

চাহপাত কঢ়িওৱা বাহনত সংঘটিত অগ্নিকাণ্ড।

ঘটনা অনুসৰি নিশা বৰকুমাৰপাৰাৰ বুবুল কুমাৰ বনিয়া নামৰ গাড়ী চালক এজনে নিশা এ এছ ২৫-ইচি ৯৭৪৮ নম্বৰৰ ট্ৰাক খন লৈ গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত মঙলদৈ বৰকুমাপাৰাত নিজৰ ঘৰত গাড়ী ৰখাই পুনৰ গুৱাহাটীলৈ যোৱাৰ কথা।

কিন্তু নিশা হঠাতে ১.৩০ বজাত ঘৰৰ সম্মুখত ৰখাই থোৱা ট্ৰাক খনত জুই লাগি বাহন খনৰ বিস্তৰ ক্ষতি সাধন হয়।

চালক বুবুলে পৰিয়াল আৰু চুবুৰীয়াৰ সৈতে পানী মাৰি জুই নিৰ্বাপন কৰে। আৰক্ষীক এই বিষয়ে অৱগত কৰা নাই বুবুলে। জুই লগা সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বহুতৰে মাজত। কিদৰে জুই লাগিল বাহন খনত নে কোনো দুস্কৃতিকাৰীয়ে লগাই দিলে জুই। এই সম্পৰ্কে মঙ্গলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande