তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত দ্বিতীয়বাৰৰ বাবে উজনিৰ বান আক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
শোণিতপুৰ, ২০ আগষ্ট: (হি.স.),: তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত দ্বিতীয় বাৰৰ বাবে উজনিৰ বান আক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় । উল্লেখ্য যে দ্বিতীয় বাৰৰ বাবে ডা০ লক্ষ্মী গোস্বামী সভানেত্ৰী হিচ
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত দ্বিতীয়বাৰৰ বাবে উজনিৰ বান আক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ


শোণিতপুৰ, ২০ আগষ্ট: (হি.স.),:

তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত দ্বিতীয় বাৰৰ বাবে উজনিৰ বান আক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় ।

উল্লেখ্য যে দ্বিতীয় বাৰৰ বাবে ডা০ লক্ষ্মী গোস্বামী সভানেত্ৰী হিচাপে থকা তেজপুৰ শিশু কল্যাণ পৰিষদ আৰু Army Wives Welfare Associationৰ সহযোগত শিৱসাগৰৰ চন্তক, বিহুবৰ আৰু নেপালীখুটিৰ বান বিধ্বস্ত এলেকাত তেজপুৰ শিশু কল্যাণ পৰিষদৰ সম্পাদিকা মৃনালিনী বৰা, উপ সভাপতি ড০ কৃষ্ণা শৰ্মা, কোষাধক্ষ বিনু ভূঞা, সদস্যা গীতালী বৰুৱা, ডাঃ তুল তুল মুখাৰ্জী , দিব্যজ্যোতি ভট্টাচাৰ্য্য আৰু সহায়কাৰী ইয়াছিন, সপোন , বিকাশৰ সহযোগত প্ৰায় দুশ পৰিয়াললৈ সাহায্য আগবঢ়োৱা হয়। চচপেন, হেতা, থাল, গিলাছ, চকী, বিচনা চাদৰ, হাৱাই চেণ্ডেল, সুথল (soothal), পানী আৰু গাখীৰৰ পেকেটকে ধৰি প্ৰায় এঘাৰ বিধ সামগ্ৰী বান বিধ্বস্ত লোক সকলক প্ৰদান কৰা হয়।

ইয়াৰ আগতেও তেজপুৰ শিশু কল্যাণ পৰিষদৰ সদস্য সকলে ১৯ বিধ সামগ্ৰীৰে ৬৩০টা টোপোলা শিৱসাগৰৰ গড়কোষ, নাওজান, বলীয়াবাৰী পলসনি আৰু কপৌটিংৰ বানে বিধ্বস্ত কৰা লোক সকলৰ মাজত বিতৰণ কৰিছিল। উল্লেখনীয় যে তেজপুৰ শিশু কল্যাণ পৰিষদৰ সভাপতি ডা:লক্ষ্মী গোস্বামীৰ তত্ত্বাৱধানতে অনুস্থাটিয়ে মানৱ সেৱাৰ হকে নিৰলস সেৱা আগবঢ়াই আহিছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande