
–জিলা আয়ুক্তৰ সন্মিলন কক্ষত জিলাৰ শিক্ষা বিষয়া আৰু সকলো শিক্ষক সংগঠনৰ বিষয়ববীয়াৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
–কৃতী শিক্ষকৰ বাঁচনি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱাত গুৰুত্ব প্ৰদান জিলা আয়ুক্তৰ
শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা সমূহৰ সহযোগত অহা ৫ ছেপ্তেম্বৰ তাৰিখে ৬৫ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হ'ব । আজি শোণিতপুৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বিদ্যালয় শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত জিলা শিক্ষা বিষয়া ত্ৰিদিপ ৰয়ৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এখন সভাত উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিখনো গঠন কৰা হয় ।
উল্লেখ্য যে জিলাখনৰ উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা, জিলা উচ্চতৰ মাধ্যমিক অধ্যক্ষ পৰিষদ, তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, তেজপুৰ জিলা হাইস্কুল শিক্ষক সন্থা, তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, এম ই শিক্ষক সন্থা, এম ভি বিদ্যালয় শিক্ষক সন্থা, চৰকাৰী বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি-সম্পাদক সকলৰ লগতে জিলাখনৰ আটাইকেইটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাই পূৰ্বৰ দৰে জিলা আয়ুক্তক সভাপতি, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তক কাৰ্যকৰী সভাপতি আৰু বিদ্যালয় শিক্ষা বিভাগৰ জিলা বিষয়া তথা শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক সম্পাদক হিচাপে লৈ মূল সমিতিখন গঠন কৰাৰ লগতে কেবাখনো উপসমিতি গঠন কৰা হয় ।
সভাখনত শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলানাই বিগত বছৰৰ শিক্ষক দিৱসৰ হিচাপ দাখিল কৰাৰ লগতে পূৰ্বে সম্পন্ন হোৱা কাৰ্যসূচীৰ বিষয়ে সদৰি কৰে তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক ভূপেন বৰদলৈ আৰু পত্ৰিকা সম্পাদক পংকজ বৰুৱাই ।সভাই পূৰ্বৰ দৰে প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ জিলাখনৰ ৩৩ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা ২৫ আগষ্টৰ সেই সমূহ শিক্ষকৰ নাম ঠিৰাং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে পূৰ্বৰ দৰে এই অনুষ্ঠানতে সম্বৰ্ধিত হ'বলগীয়া কৃতী শিক্ষক -শিক্ষয়িত্ৰী সকলৰ জীৱন -পৰিচিত সংপৃক্ত সম্বৰ্ধনা শীৰ্ষক গ্ৰন্থখন এইবাৰো প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পংকজ বৰুৱা আৰু ভূপেন বৰদলৈক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে ।
আনহাতে এইবাৰ শোণিতপুৰ জিলা প্ৰশাসনৰ কেন্দ্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচী তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সভাখনত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিপ ৰয়ে জিলা আয়ুক্ত গৰাকীয়ে কৃতী শিক্ষক -শিক্ষয়িত্ৰী বাঁচনি প্ৰক্ৰিয়া অতি স্বচ্ছ হোৱাৰ লগতে কোনোধৰণৰ বিতৰ্ক নথকা ,সমাজত সুস্থ ভাৱমূৰ্তি থকা নিষ্ঠাবান শিক্ষক -শিক্ষয়িত্ৰীক কৃতী শিক্ষক হিচাপে বাঁচনি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ বিষয়ে সভাত সদৰি কৰি এই ক্ষেত্ৰত শিক্ষক সংগঠন সমূহক নজৰ লাগিবলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ