ৰূপকোঁৱৰৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক ‘পকী’ অসম চৰকাৰক অৰ্পণ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ
–আগন্তুক বৰ্ষত সোণালী জয়ন্তী উদযাপনেৰে উদ্ভাসিত কৰি তোলা হ''ব জ্যোতি ভাৰতী অৰ্থাৎ পকী –সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকৰ পৰ্যবেক্ষণ সংৰক্ষিত আপুৰুগীয়া সম্পদ –বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰা হ''ব ৰূপকোঁৱৰ-কলাগুৰু ব্যৱহৃত সাজপাৰ –আপুৰুগী
ৰূপকোঁৱৰৰ পৈতৃক গৃহ


ৰূপকোঁৱৰৰ পৈতৃক গৃহ


ৰূপকোঁৱৰৰ পৈতৃক গৃহ


ৰূপকোঁৱৰৰ পৈতৃক গৃহ


ৰূপকোঁৱৰৰ পৈতৃক গৃহ


–আগন্তুক বৰ্ষত সোণালী জয়ন্তী উদযাপনেৰে উদ্ভাসিত কৰি তোলা হ'ব জ্যোতি ভাৰতী অৰ্থাৎ পকী

–সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকৰ পৰ্যবেক্ষণ সংৰক্ষিত আপুৰুগীয়া সম্পদ

–বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰা হ'ব ৰূপকোঁৱৰ-কলাগুৰু ব্যৱহৃত সাজপাৰ

–আপুৰুগীয়া ফটোও সংৰক্ষণ কৰা হ'ব বিজ্ঞানসন্মতভাবে

শোণিতপুৰ, ২০ আগষ্ট: (হি.স.) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক পকী সংৰক্ষণৰ বাবে ১৯৭৭ চনত অসম চৰকাৰক অৰ্পণ কৰিছিল ৰূপকোঁৱৰ গৰাকীৰ পৰিয়াল বৰ্গই ।তাৰ পিছৰ পৰাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক জ্যোতি ভাৰতী নামকৰণেৰে নামাংকিত কৰি শোণিতপুৰ জিলাৰ জিলা সাংস্কৃতিক উন্নয়ন বিভাগৰ মূল কাৰ্যালয় হিচাপে অভিহিত কৰি ৰাজ্যখনৰ এক অন্যতম ঐতিহাসিক তথা সাংস্কৃতিক পীঠস্হানলৈ পৰ্যৱসিত কৰি তোলে ।

উল্লেখ্য যে ৰূপকোঁৱৰৰ পৰিয়ালে অসম চৰকাৰক অৰ্পণ কৰাৰ আগন্তুক বৰ্ষত ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সোণালী জয়ন্তীৰ এক বিশেষ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে বুলি আজি জ্যোতি ভাৰতী অৰ্থাৎ পকীত উপস্থিত হোৱা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে সাংবাদিকৰ আগত প্ৰকাশ কৰে । জিলাখনৰ চতিয়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যোতি ভাৰতীত উপস্থিত হৈ শোণিতপুৰ জিলাৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত জেমচ আইন্দ আৰু জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অনচুমৈ বসুমতাৰীক লগত লৈ সাংস্কৃতিক সঞ্চালক গৰাকীয়ে পকী অৰ্থাৎ জ্যোতি ভাৰতীত সংৰক্ষণ হৈ থকা ৰূপকোঁৱৰ, কলাগুৰু আৰু নটসূৰ্য্য ফণী শৰ্মা ব্যৱহৃত সকলো আপুৰুগীয়া সামগ্ৰীৰ লগতে ৰূপকোঁৱৰৰ পৰিয়ালে ব্যৱহাৰ কৰা সম্পদ সমূহ এফালৰ পৰা পৰ্যবেক্ষণ কৰে ।

জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অনচুমৈ বসুমতাৰীয়ে জ্যোতি ভাৰতীত উপস্থিত হোৱা সঞ্চালক গৰাকীক উষ্ম আদৰণি জনোৱাৰ পিছতেই সঞ্চালক দাসে সাংবাদিকৰ আগত আগন্তুক বৰ্ষত ঐতিহাসিক পকী অসম চৰকাৰক হস্তান্তৰ কৰা যিহেতু ৫০ বছৰ হ'ব সেয়েহে অসমীয়া ভাষা -সাহিত্য আৰু সংস্কৃতিৰ পীঠস্হান এই পৱিত্ৰ পকীক উদ্ভাসিত কৰি তুলিব পৰাকৈ কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পৰা হ'ব তাৰ পৰ্যবেক্ষণ কৰা হয় বুলি মন্তব্য কৰে ।

আনহাতে ৰূপকোঁৱৰ ,কলাগুৰুৰ ব্যৱহৃত সাজসজ্জা সমূহ নষ্ট হৈ যাব নোৱাৰাকৈ কেনেকৈ বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰিব পৰা যাব তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন আপুৰুগীয়া আলোকচিত্ৰ সমূহো বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰাৰ উপৰি সাতামপুৰুষীয়া ঐতিহাসিক গৃহটিৰ কিছু কিছু অংশ নষ্ট হোৱা দূৰ কৰিবলৈও অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande