
নগাঁও, ২০ আগষ্ট (হি.স.)। ধিং আৰক্ষীৰ জালত পৰিল দুই চাইবাৰ অপৰাধী । ধৃত ধিঙৰ বেছামাৰীৰ দুই চাইবাৰ অপৰাধী ক্ৰমে ৱাহিদুৰ জামান আৰু হিজাবুল ইছলাম । যোৱা নিশা ধিং আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বেছামাৰীৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে দুয়োৰে পৰা উদ্ধাৰ কৰিছে নগদ ৭০ হাজাৰ টকা আৰু তিনিটা মোবাইল ফোন ।
জানিব পৰা মতে, ধৃত ৱাহিদুৰ জামান আৰু হিজাবুল ইছলামে বিগত বহু দিনৰ পৰাই চাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ আছিল । বৰ্তমান ধিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু