
শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ত অঘটন। বিশ্ববিদ্যালয় খনৰ চৌহদত অব্য়াহত থকা অধ্যাপকৰ আবাস গৃহৰ চি টাইপ বিল্ডিংৰ নিৰ্মাণৰ কামত নিয়োজিত আব্বাছ উদ্দিন ওৰফে বুলবুল নামৰ ২০বছৰীয়া শ্ৰমিকজন চতুৰ্থ মহলাৰ পৰা তললৈ পৰি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয়। চিকিৎসাৰ বাবে যদিও তেজপুৰৰ ডৰিকা চিকিৎসালয়লৈ অনা হয় কিন্ত চিকিৎসকে মৃত ঘোষণা কৰে।
নিহত আব্বাছ হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত শলমাৰি গাৱৰ আব্দুল দলিলৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। শ্ৰমিক জনে চতুৰ্থ মহলাত কাম কৰাৰ সময়ত কোনো ধৰনৰ সুৰক্ষা ব্যৱস্থা/কঁকালত হুকিং ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ আগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা