
কোকৰাঝাৰ, ২০ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ দোতমা, লোঙা নদীত ঘঁৰিয়াল ওলোৱাৰ ঘটনাই আতংকিত কৰি তুলিছে নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ সকলক। যোৱা দুদিন ধৰি দুজনকৈ লোকে নদীখনত ঘৰিয়ালটো প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে।
লোঙা নদীৰ মুছিৰঘোপ আৰু কাউৰাডুঙী গাঁৱৰ সীমাঞ্চলত স্থানীয় লোকে ঘঁৰিয়ালটো প্ৰত্যক্ষ কৰে। যোৱা এসপ্তাহ ধৰি ঘঁৰিয়ালটো দেখা পোৱাৰ খবৰে অঞ্চলটোত ভয় আৰু আতংকৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে, নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে গৰু চৰাবলৈ দিনটোত দুইৰ পৰা চাৰিবাৰলৈকে নদীখন পাৰাপাৰ হ’বলগীয়া হয়। ইয়াৰ উপৰি নদীৰ দুয়োপাৰৰ বহু লোকে দৈনন্দিনভাৱে এই নদীখনতে স্নান কৰে। কিন্তু নদীত ঘঁৰিয়াল ওলোৱাৰ পিছৰে পৰা সকলোৰে মাজত আতংকৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে ঘঁৰিয়ালটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে সংশ্লিষ্ট বন বিভাগৰ ওচৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ