প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ মৃত্যু
নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ বৃহস্পতিবাৰে মৃত্যু হয়। ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত তিনিটা গোচৰৰ ভিতৰত দুটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ ৮০ বছৰ বয়সত দিল্লীৰ তিহাৰ জেলত যাৱজ্জীৱন কাৰাদণ্ড ভুগি
कांग्रेस के नेता और पूर्व सांसद सज्जन कुमार (फाइल फोटो)।


নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ বৃহস্পতিবাৰে মৃত্যু হয়। ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত তিনিটা গোচৰৰ ভিতৰত দুটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ ৮০ বছৰ বয়সত দিল্লীৰ তিহাৰ জেলত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল। এটা গোচৰত তেওঁক দোষমুক্ত কৰা হৈছিল।

সজ্জন কুমাৰৰ ঘনিষ্ঠ নেতাসকলৰ মতে, তিহাৰ কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁক দিল্লীৰ চফদৰজং হাস্পতাললৈ লৈ যোৱা হয়, য’ত চিকিৎসকে পৰীক্ষাৰ অন্তত তেওঁক মৃত বুলি ঘোষণা কৰে।

১৯৪৫ চনৰ ২৩ ছেপ্টেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা সজ্জন কুমাৰে ১৯৭০ চনত ৰাজনীতিত প্ৰৱেশ কৰি দিল্লী পৌৰ নিগমৰ কাউন্সিলাৰ হয়। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০, ১৯৯১, ২০০৪ চনত লোকসভালৈ নিৰ্বাচিত হোৱা সঞ্জয় গান্ধীৰ ঘনিষ্ঠ বুলি গণ্য কৰা সজ্জন কুমাৰ আছিল বাহ্যিক দিল্লী অঞ্চলৰ এজন শক্তিশালী কংগ্ৰেছী ব্যক্তি।

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত জনসমাগমৰ উচটনি আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছিল । ২০১৮ চনৰ ১৭ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক পালাম কলনী গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰাউছ এভিনিউ আদালতেও তেওঁক সৰস্বতী বিহাৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। অৱশ্যে আন কিছুমান গোচৰত তেওঁক দোষমুক্ত কৰা হয়।

উল্লেখযোগ্য যে ১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰাৰ পিছত দিল্লীকে ধৰি বহু ঠাইত ১ নৱেম্বৰৰ পৰা শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হয় । ২০০৫ চনত দাঙ্গাৰ ২১ বছৰৰ পাছত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে সংসদত ক্ষমা খুজিছিল যে এই ঘটনাই তেওঁলোকক লজ্জানত কৰি তুলিছে ।

১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০১৮ চনৰ ১৮ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল সজ্জন কুমাৰে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande