শ্ৰীৰামপুৰত আৰক্ষীৰ তালাচী অভিযানত মূল্যৱান বিদেশী চিগাৰেট সহ বাহন জব্দ
বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ। চালক সহ তিনিজনক গ্ৰেপ্তাৰ।
শ্ৰীৰামপুৰত আৰক্ষীৰ তালাচী অভিযানত মূল্যৱান বিদেশী চিগাৰেট সহ বাহন জব্দ


কোকৰাঝাৰ, ২০ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা শিমুলটাপু আৰক্ষী চকীৰ নাকাত আৰক্ষীয়ে যোৱা কালি বুধবাৰে নিশা অসমৰ পৰা পশ্চিমবংগৰ দিশে যোৱা এখন বাঁহ ভৰ্তি ছচকীয়া কন্টেইনাৰত তালাচী চলাই মূল্যৱান বিদেশী চিগাৰেট সহ বাহনখন জব্দ কৰে। শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীয়ে নিশা ১১-০০ মান বজাত গোপন খবৰৰ ভিত্তিত এএছ ২৫ ডিচি ৮৯০৭ নম্বৰৰ বাঁহ বোজাই কন্টেইনাৰ ট্ৰাক খন ৰখাই তালাচী চলায়। এই অভিযানত কন্টেইনাৰ খনৰ পৰা বাঁহৰ তলত লুকুৱাই অনা ৩৭ টা কাৰ্টুনত থকা ১৮,৫০০ পেকেট বিদেশী চিগাৰেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে অবৈধ সামগ্ৰী কঢ়িয়াই অনা কন্টেইনাৰখন জব্দ কৰাৰ লগতে চালকৰ লগতে আন দুজন লোকক আটক কৰে। গাড়ীখন খটখটীৰ পৰা বাঁহ ভৰ্তি কৰি দিল্লী লৈ গৈ আছিল বুলি চালক উমেশ ঠাকুৰে আৰক্ষীৰ আগত প্ৰকাশ কৰে । চালক জন মূূূলত বিহাৰৰ বৈশালী জিলাৰ বাসিন্দা যদিও ২০০৬ চনৰ পৰা খটখটীত বসবাস কৰে । আটকাধীন আন দুুুুজন ক্ৰমে আশীষহো আতিশী আৰু চিপফকো থোৰি দুজন হৈছে মণিপুৰৰ সেনাপতি জিলাৰ ছাজৌবাৰৰ বাসিন্দা। জব্দকৃত বিদেশী চিগাৰেটৰ বজাৰ মূল্য কেবা লক্ষাধিক টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande