গোলাঘাটত আৰক্ষী থানাৰ সন্মুখৰ পৰা এদিন পূৰ্বে ক্ৰয় কৰা নতুন বাইক লৈ উধাও চোৰ
গোলাঘাট, ২০ আগষ্ট (হি.স.)। গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত বাইক চোৰৰ আড্ডা। এদিন পূৰ্বে ক্ৰয় কৰা নতুন বাইক লৈ গ''ল চোৰে। গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত অৱস্থিত জেইল মাৰ্কেটৰ পৰা দিন দুপৰতে বাইক লৈ উধাও চোৰ। ভুক্তভোগী গোলাঘাট বালিজানৰ দিলীপ বৰ
গোলাঘাটত আৰক্ষী থানাৰ সন্মুখৰ পৰা এদিন পূৰ্বে ক্ৰয় কৰা নতুন বাইক লৈ উধাও চোৰ


গোলাঘাট, ২০ আগষ্ট (হি.স.)। গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত বাইক চোৰৰ আড্ডা। এদিন পূৰ্বে ক্ৰয় কৰা নতুন বাইক লৈ গ'ল চোৰে।

গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত অৱস্থিত জেইল মাৰ্কেটৰ পৰা দিন দুপৰতে বাইক লৈ উধাও চোৰ। ভুক্তভোগী গোলাঘাট বালিজানৰ দিলীপ বৰা নামৰ ব্যক্তিজনৰ এদিন পূৰ্বে ক্ৰয় কৰা বাইক লৈ উধাও চোৰ।

লক্ষ্যণীয় ভাৱে চুৰি কাণ্ড সংঘটিত হোৱাৰ সময়ত অফ আছিল মাৰ্কেটত সংস্থাপিত চি চি টিভি। জেইল মাৰ্কেটৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি চি চিটিভি বিকল কৰি চুৰি কৰাৰ অভিযোগ ভুক্তভোগীৰ। গোলাঘাটৰ জেইল মাৰ্কেটৰ পৰা পূৰ্বেও কেইবাখনো বাইক চুৰি হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande