
ঢাকা (বাংলাদেশ), ২০ আগষ্ট (হি.স.)। বাংলাদেশত আজি ২৩ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ৩৫ বছৰৰ ভিতৰত এয়াই হৈছে প্ৰথম ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা। বিয়লি ২ বজাৰ পৰা ৫ বজালৈ সংসদ ভৱনত মুঠ ৩৪৯ গৰাকী সাংসদে ভোটদান কৰিব পাৰিব। শাসকীয় বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ প্ৰাৰ্থী মিৰ্জা ফখৰুল ইছলাম আলমগীৰৰ মুখামুখি হৈছে বাংলাদেশ জামাত-ই-ইছলামীৰ নেতৃত্বত ১১টা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৰ্ণেল (অৱসৰপ্ৰাপ্ত) অলি আহমেদ।
ঢাকা ট্ৰিবিউনৰ মতে, ১৯৯১ চনৰ ৮ অক্টোবৰৰ পিছত এইটোৱেই প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন, য’ত এজনতকৈ অধিক প্ৰাৰ্থী আছে। ১৯৯১ চনৰ নিৰ্বাচনত বিএনপিৰ প্ৰাৰ্থী আব্দুৰ ৰহমান বিশ্বাসে আৱামী লীগৰ ন্যায়াধীশ বদৰুল হাইদৰ চৌধুৰীক পৰাস্ত কৰিছিল। তেতিয়াৰ পৰাই সংসদীয় ব্যৱস্থাৰ অধীনত বিনা প্ৰতিদ্বন্দ্বিতাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। সংসদত ৩০০খন সাধাৰণ আসন আৰু মহিলাৰ বাবে ৫০খন সংৰক্ষিত আসনকে ধৰি ৩৫০খন আসন আছে। চট্টগং-৪ৰ আসনখন খালী হোৱাৰ বাবে ৩৪৯জন সাংসদে ভোটদানৰ সুবিধা লাভ কৰিছে।
সংসদত বিএনপিৰ স্পষ্ট সংখ্যাগৰিষ্ঠতা আছে। গতিকে মিৰ্জা ফখৰুলৰ জয়ৰ সম্ভাৱনা বেছি। সংবিধানৰ ৭০ নং অনুচ্ছেদটোও গুৰুত্বপূৰ্ণ। এই বিধানৰ অধীনত দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত সাংসদে তেওঁক মনোনীত কৰা দলৰ বিৰুদ্ধে ভোট দিলে সদস্যপদ হেৰুৱাই পেলায়। সংসদৰ মূল চেম্বাৰত ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। চেম্বাৰৰ ভিতৰত থকা বেলট বাকচত ভোটদান কৰাৰ পূৰ্বে সাংসদসকলে নিজৰ পছন্দৰ ইংগিত দিব।
৫ বজাত ভোটদান শেষ হ’ব, আৰু তাৰ লগে লগে গণনা আৰম্ভ হ’ব। ভোট গণনাৰ অন্তত মুখ্য নিৰ্বাচন আয়ুক্তই ঘোষণা কৰিব ফলাফল। ভোটদান আৰু ফলাফল ঘোষণাৰ লাইভ টেলিকাষ্ট কৰা হ’ব। নিৰ্বাচনৰ প্ৰাকক্ষণত বুধবাৰে বিয়লি সংসদ ভৱনত বিএনপি সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হয়। সংসদ ভৱনৰ নৱম মহলাত বিয়লি ৪ বজাত অনুষ্ঠিত হয় এই বৈঠক। আৰু প্ৰধানমন্ত্ৰী তথা সদনৰ নেতা তাৰিক ৰহমানে অধ্যক্ষতা কৰিছিল। সভাত প্ৰাৰ্থী মিৰ্জা ফখৰুলেও অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে মুখ্য হুইপ নুৰুল ইছলাম মনিয়ে কয় যে এই নিৰ্বাচন দেশৰ গণতান্ত্ৰিক যাত্ৰাৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব।
স্বাধীনতাৰ পিছৰে পৰা বাংলাদেশত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যৱস্থা কেইবাবাৰো সলনি হৈছে। সংসদীয় ব্যৱস্থাৰ অধীনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৭৪ চনত। এই নিৰ্বাচনত সংসদৰ অধ্যক্ষ মহম্মদুল্লা ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ১৯৭৮, ১৯৮১ আৰু ১৯৮৬ চনত ৰাজহুৱা ভোটৰ দ্বাৰা পোনপটীয়াকৈ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হৈছিল। ১৯৭৮ চনত জিয়াউৰ ৰহমান, ১৯৮১ চনত ন্যায়াধীশ আব্দুছ ছাত্তাৰ আৰু ১৯৮৬ চনত হুছেইন মহম্মদ এৰছাদে জয়লাভ কৰে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ