
গুৱাহাটী, ২০ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে ৰাজ্যৰ বিভিন্ন পথেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ১৭ জন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়িত কৰা হৈছে।
কোনো কাৰণতে অসমৰ মাটিত অবৈধ অনুপ্ৰৱেশ সহ্য কৰা নহ’ব বুলি ছ’চিয়েল মিডিয়া পোষ্টযোগে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে অসম আৰক্ষীয়ে সতৰ্কতা আৰু তৎপৰতাৰে কাম কৰি এই অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি ভাৰতত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে আইনগতভাৱে প্রৱেশ কৰাসকলৰ বাবে অসমৰ দুৱাৰ মুকলি, কিন্তু অবৈধভাৱে প্রৱেশ কৰাসকলৰ বাবে এটাই উপায় হ’ল বিতাড়ন৷
তেওঁ উল্লেখ কৰে যে অসমৰ ভূমি, জনসাধাৰণৰ অধিকাৰ আৰু নিৰাপত্তাৰ স্বাৰ্থত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান অদম্যভাৱে চলি থাকিব। নিজৰ পদত মুখ্যমন্ত্ৰীয়ে এই বাৰ্তা প্ৰদান কৰে- নো পেপাৰ, নো এণ্ট্ৰি। কিন্তু ৰাজ্যৰ কোন অংশৰ পৰা অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে সেই কথা প্ৰকাশ কৰা হোৱা নাই।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ