অসমৰ ইতিহাসৰ এক গৌৰৱৰ দিন, প্ৰথমবাৰলৈ চতিয়া আৰক্ষী থানাত উত্তোলন কৰা হৈছিল ত্ৰিৰংগা
গুৱাহাটী, ২০ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এক ঐতিহাসিক ঘটনাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে দেশৰ স্বাধীনতাৰ পূর্বে চতিয়া থানাত প্রথমবাৰৰ বাবে জামুগুৰিহাটৰ সাহসী অসমীয়া ৰা
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ২০ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এক ঐতিহাসিক ঘটনাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে দেশৰ স্বাধীনতাৰ পূর্বে চতিয়া থানাত প্রথমবাৰৰ বাবে জামুগুৰিহাটৰ সাহসী অসমীয়া ৰাইজে জাতীয় পতাকা উত্তোলন কৰে ৷

ছ’চিয়েল মিডিয়াত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছৰ পতাকা আঁতৰাই থানাত ত্ৰিৰংগা উত্তোলন কৰা হৈছিল। এই ঐতিহাসিক আৰু গৌৰৱময় অনুষ্ঠানত অৱদান আগবঢ়োৱা সকলো সাহসী অসমীয়াক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ অৱদানৰ বাবে গৌৰৱ প্ৰকাশ কৰে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande