প্ৰতিবাদৰ নামত ছিলঙত চলা হিংসাত্মক ঘটনাক গৰিহণা
-পর্যটক-টেক্সি চালকৰ নিৰাপত্তা সুনিশ্চিত কৰক: ৰাজ্যিক বিজেপি গুৱাহাটী ২০ আগষ্ট (হি.স.)। মেঘালয়ত কালি সংঘটিত হিংসাত্মক ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে অসম প্রদেশ বিজেপিয়ে। খাচী ছাত্ৰ সন্থাৰ নামত একাংশ দুস্কৃতিকাৰীয়ে প্রতিবাদী কাৰ্যসূচীৰ মাজতে পর্
অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধি আৰু ৰাজ্যিক সংবাদ মাধ্যমৰ পেনেলিষ্ট আশীষ ভৰালী।


-পর্যটক-টেক্সি চালকৰ নিৰাপত্তা সুনিশ্চিত কৰক: ৰাজ্যিক বিজেপি

গুৱাহাটী ২০ আগষ্ট (হি.স.)। মেঘালয়ত কালি সংঘটিত হিংসাত্মক ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে অসম প্রদেশ বিজেপিয়ে। খাচী ছাত্ৰ সন্থাৰ নামত একাংশ দুস্কৃতিকাৰীয়ে প্রতিবাদী কাৰ্যসূচীৰ মাজতে পর্যটক আৰু বিভিন্ন যান-বাহনৰ ওপৰত কৰা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৰাজ্যিক বিজেপিয়ে।

অসম প্রদেশ বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্র কমল কুমাৰ মেধিয়ে কালি প্রতিবাদৰ নামত একাংশ দুস্কৃতিকাৰীয়ে মেঘালয়ৰ ৰাজধানী চহৰ ছিলং আৰু তাৰ দাতিকাষৰীয়া অঞ্চলত সংঘটিত কৰা হিংসাত্মক পৰিস্থিতি কোনোপধ্যেই গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰে। এনে হিংসাত্মক কার্যকলাপ নিন্দনীয় আৰু ইয়ে মেঘালয়ৰ সৈতে অন্য ৰাজ্যৰ সম্পৰ্কৰ ক্ষেত্ৰত বিৰূপ প্রভাৱ পেলাব বুলি উল্লেখ কৰি মুখপাত্র মেধিয়ে কালি দুস্কাৰ্য সংঘটিত কৰা প্ৰত্যেকজন দোষীকে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।

এসময়ৰ অবিভক্ত অসমৰ ৰাজধানী ছিলং তথা মেঘালয় এতিয়া ভৌগলিকভাবে এখন সুকীয়া ৰাজ্য হ'লেও অসমৰ ৰাইজে মানসিকভাৱে এতিয়াও মেঘালয়ৰ লগত একাত্মতা অনুভৱ কৰে। এনেধৰণৰ হিংসাত্মক ঘটনাই চুবুৰীয়া ৰাজ্য দুখনৰ সাতামপুৰুষীয়া একাত্মতাক বিঘ্নিত কৰাৰ আশংকা জন্মায়। যিসময়ত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দুয়োখন ৰাজ্যৰ মাজত দীর্ঘদিনে চলি অহা সীমা বিবাদকে ধৰি বিভিন্ন বিবাদ মীমাংসাৰ বাবে সংবেদশীলতাৰে পদক্ষেপ গ্রহণ কৰি আহিছে, সেই সময়তে অসমৰ পৰ্যটক আৰু টেক্সি চালকৰ ওপৰত মেঘালয়ৰ দুস্কৃতিকাৰীয়ে কৰা আক্ৰমণে অসমৰ ৰাইজৰ মনত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা থাকি যায়। মেঘালয় চৰকাৰ আৰু ৰাজ্যখনৰ সচেতন নাগৰিক তথা দল-সংগঠনে এনে আশংকা নাইকিয়া কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা দৰকাৰ বুলিও সংবাদমেলত মুখপাত্র কমল কুমাৰ মেধিয়ে মন্তব্য কৰে।

কালিৰ ঘটনাক লৈ আজি অসমৰ গাড়ী চালকসকলে কৰা প্ৰতিবাদৰ প্রতি সহমর্মিতা প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে মেঘালয়ৰ অনুৰূপ ঘটনা যাতে অসমত সংঘটিত নহয় তাৰবাবে চালকসকলৰ প্ৰতি আহ্বান জনায়। আজিৰ সংবাদমেলৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে অসম আৰু মেঘালয়ৰ মাজত চলাচল কৰা টেক্সি চালকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দুয়োখন চৰকাৰক অনুৰোধ জনায়। ইয়াৰ পুৰ্বেও অসমৰ গাড়ীৰ ওপৰত মেঘালয়ৰ দুস্কৃতিকাৰীয়ে আক্রমণ চলোৱা বুলি অসমৰ গাড়ী চালক সকলে অভিযোগ উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো মেঘালয় আৰক্ষীয়ে সমুচিত ব্যৱস্থা নোলোৱা বুলি অসমৰ গাড়ী চালক সকলে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যি বিষয় উত্থাপন কৰিছে, তাক গুৰুত্ব সহকাৰে ল'বলৈ মেঘালয় চৰকাৰক ৰাজ্যিক বিজেপিয়ে অনুৰোধ জনায়।

মেঘালয়লৈ যোৱা পর্যটক সকলক প্রয়োজনীয় নিৰাপত্তা দিব নোৱাৰাটো ৰাজ্য খনৰ পর্যটন উদ্যোগৰ বাবেই এক নেতিবাচক বার্তা বুলি উল্লেখ কৰি মুখপাত্র কমল কুমাৰ মেধিয়ে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ মেঘালয়ৰ চৰকাৰৰ লগতে অসম চৰকাৰেও তৎকালেই কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা উচিত বুলি মন্তব্য কৰে। আজিৰ এই সংবাদমেলত ৰাজ্যিক মিডিয়া পেনেলিষ্ট আশীষ ভৰালীও উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande