অসমত মছলা খেতি সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
গুৱাহাটী, ২০ আগষ্ট (হি.স.)। ৰাজ্যত মছলাৰ খেতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসম কৃষি বিভাগে গুৰুত্ব আৰোপ কৰিব। এই পদক্ষেপে উৎপাদন বৃদ্ধি, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰা, কৃষক সকলৰ বাবে উন্নত বজাৰ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। বৃহস্পতিবাৰে জনতা ভৱনত
Agriculture Minister Pijush Hazarika on Thursday in a meeting with Spices Board of India Secretary MS Manivannan and officials.


গুৱাহাটী, ২০ আগষ্ট (হি.স.)। ৰাজ্যত মছলাৰ খেতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসম কৃষি বিভাগে গুৰুত্ব আৰোপ কৰিব। এই পদক্ষেপে উৎপাদন বৃদ্ধি, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰা, কৃষক সকলৰ বাবে উন্নত বজাৰ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

বৃহস্পতিবাৰে জনতা ভৱনত ভাৰতীয় মছলা ব’ৰ্ডৰ সম্পাদক এম এছ মণিভান্নান আৰু ব’ৰ্ডৰ উত্তৰ-পূব ভাৰত আঞ্চলিক কাৰ্যালয়ৰ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাই। অসমৰ কৃষি বিভাগৰ উপায়ুক্ত আৰু সঞ্চালকেও উপস্থিত থাকে।

এই বৈঠকত ৰাজ্যৰ মছলা খণ্ডক শক্তিশালী আৰু সম্প্ৰসাৰণৰ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমত আদা, হালধি, জালুক, জলকিয়া, ধনীয়া, ইলাচি, তেজপাতকে ধৰি বিভিন্ন মছলাৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। হাজৰিকাই উল্লেখ কৰে যে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মছলাৰ চাহিদা বৃদ্ধিয়ে কৃষকৰ আয় বৃদ্ধি আৰু অসমৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ এক উল্লেখযোগ্য সুযোগ প্ৰদান কৰে।

মন্ত্ৰী গৰাকীয়ে ভাৰতীয় মছলা ব’ৰ্ডক আশ্বাস দিয়ে যে সমগ্ৰ ৰাজ্যৰ মছলা উৎপাদক সকলক অসম চৰকাৰৰ কৃষি বিভাগে সকলো ধৰণৰ সহায় আগবঢ়াব। তেওঁ মছলা খেতিৰ প্ৰসাৰ, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰা, বজাৰৰ সংযোগ শক্তিশালী কৰাৰ বাবে ব’ৰ্ডৰ সৈতে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই বৈঠকত অসমৰ অনুকূল কৃষি জলবায়ুৰ পৰিস্থিতিৰ লাভ উঠাই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে ৰাজ্যৰ মছলা খণ্ডৰ উপস্থিতি বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande