দেৰগাঁও থানাৰ সন্মুখত দেৰগাঁও, গোলাঘাট আটছাৰ প্ৰতিবাদ সাব্য়স্ত
গোলাঘাট, ২০ আগষ্ট (হি.স.)। আজি আটছাৰ দেৰগাঁও শাখা সমিতি আৰু গোলাঘাট জিলা সমিতিৰ বিষয় ববীয়াৰ নেতৃত্বত দেৰগাঁও থানাৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা ইংৰাজী২৭/০৭/২০২৬ ৰঙামাটি চাহ বাগিচাৰ নিবাসী বৰ্ষা হাজাম (বয়স ১৪ বছৰ) ৰঙামাটি চাহ বাগিচাৰ সী
দেৰগাঁও থানাৰ সন্মুখত দেৰগাঁও, গোলাঘাট আটছাৰ প্ৰতিবাদ সাব্য়স্ত


গোলাঘাট, ২০ আগষ্ট (হি.স.)। আজি আটছাৰ দেৰগাঁও শাখা সমিতি আৰু গোলাঘাট জিলা সমিতিৰ বিষয় ববীয়াৰ নেতৃত্বত দেৰগাঁও থানাৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা ইংৰাজী২৭/০৭/২০২৬ ৰঙামাটি চাহ বাগিচাৰ নিবাসী বৰ্ষা হাজাম (বয়স ১৪ বছৰ) ৰঙামাটি চাহ বাগিচাৰ সীমাৰ কাষতে লাগি থকা পথাৰত ভুই ৰোপন কৰি উভতি আহোতে বাদুলীপাৰ বাগানত নতুনকৈ হোৱা পথৰ কাষত পুখুৰী সদৃশ গাঁতত পৰি কিশোৰী গৰাকীৰ মৃত্যু মূখত পৰিব লগা হয়।

বাদুলিপাৰ চাহ বাগিচা কোম্পানীয়ে পথৰ কাষত অনিয়মীয়া ভাবে প্ৰায়ে ১৫ ফুট গাঁত খান্দি থোৱাৰ লগতে কোনো ধৰনৰ সুৰক্ষা নিদিয়াৰ ফলতেই উক্ত ঘটনা সংঘটিত হ'ল। বাগিচাৰ পৰিচালকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় দেৰগাঁও থানাৰ সম্মুখ ভাগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande