(আপডেট)দেৰগাঁৱত আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
গোলাঘাট, ২০আগষ্ট (হি.স.)। দেৰগাঁৱত আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদী কাৰ্যসূচী । বাদুলিপাৰ টি কোম্পানীৰ পৰিচালক ভাৰত ভুষন বাবাৰ আইনগত শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ । কিছু দিনৰ পূৰ্বে বাদুলিপাৰ বাগিছাত নলাত পৰি মৃত্যুমুখত পৰিছি
(আপডেট)দেৰগাঁৱত আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদী কাৰ্যসূচী


গোলাঘাট, ২০আগষ্ট (হি.স.)। দেৰগাঁৱত আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদী কাৰ্যসূচী । বাদুলিপাৰ টি কোম্পানীৰ পৰিচালক ভাৰত ভুষন বাবাৰ আইনগত শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ । কিছু দিনৰ পূৰ্বে বাদুলিপাৰ বাগিছাত নলাত পৰি মৃত্যুমুখত পৰিছিল বৰ্ষা হাজাম নামৰ এগৰাকী ছাত্ৰী আৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল অনামিকা ৰবিদাস নামৰ আন এগৰাকী ছাত্ৰী ।

বাদুলিপাৰ চাহ বাগিচাৰ পৰিচালকৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই উক্ত ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছিল আটছাই । দেৰগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত সংগঠনতো। দেৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি ঘেৰাও কৰে দেৰগাঁও থানা । ছাত্ৰী দুগৰাকীৰ পৰিয়ালক দহ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবী আটছাৰ । দাবীসমূহ মানি নল'লে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande