উজনি অসমৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্যাৰ্থে শিৱসাগৰ জিলাৰ চন্তক অঞ্চলত এ আই ডি এছ অ'ৰ শ্ৰমদান কাৰ্যসূচী
শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। উজনি অসমৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্যাৰ্থে শিৱসাগৰ জিলাৰ চন্তক অঞ্চলত এ আই ডি এছ অ''ৰ অসম ৰাজ্যিক কাউঞ্চিলৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা আজিলৈকে ৫দিন ধৰি শ্ৰমদান কাৰ্যসূচী অব্যাহত আছে। সম্প্ৰতি উজনি অসম
শ্ৰমদান কাৰ্যসূচী


শ্ৰমদান কাৰ্যসূচী


শ্ৰমদান কাৰ্যসূচী


শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। উজনি অসমৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্যাৰ্থে শিৱসাগৰ জিলাৰ চন্তক অঞ্চলত এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কাউঞ্চিলৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা আজিলৈকে ৫দিন ধৰি শ্ৰমদান কাৰ্যসূচী অব্যাহত আছে।

সম্প্ৰতি উজনি অসমৰ প্ৰলয়ংকাৰী বানপানীৰ ফলত শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। অন্যান্য দল সংগঠনৰ দৰে ছাত্ৰ সংগঠন এছ আই ডি এছ অ'ৰ উদ্যোগত যোৱা ২৫ জুলাইত শিৱসাগৰ জিলাৰ কুজিবালি, ষ্টেচন চাৰিআলি, চেতিয়া গাওঁ, চাউদাং গাওঁ

আৰু ২৯ জুলাইত নাজিৰা অঞ্চলৰ দুৱৰা গাওঁ, হোলোং গাওঁ আদি ঠাইত বান সাহায্য বিতৰণ কৰা হয়। এতিয়া পানী শুকাইছে যদিও ঘৰ দুৱাৰ পলসত পোত খাই আছে। সাধাৰণ মানুহৰ থকা মেলাৰ কোনো ব্যৱস্থা হোৱা নাই। ছাত্ৰ সংগঠন এছ আই ডি এছ অ'ৰ স্বেচ্ছাসেৱকসকলে যোৱা ১৬ আগষ্টৰ পৰা শিৱসাগৰ জিলাৰ চন্তক অঞ্চলত থাকি মেলি আজিলৈকে ৫ দিন ধৰি বানপীড়িত ৰাইজৰ সাহায্যাৰ্থে শ্ৰমদান কৰি আছে।

এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিয়ে লক্ষ্য কৰিছে যে বানপানীত সাধাৰণ ৰাইজৰ ঘৰ দুৱাৰৰ যি ক্ষতিসাধন হৈছে , যিদৰে পলসে সকলোখিনি পুতি পেলাইছে সেয়া দূৰ কৰি নিজা ঠাইত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন কৰাৰ বাবে ৰাজ্য চৰৱকাৰে যুদ্ধকালীন তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এ আই ডি এছ অ' সহ অন্যান্য সংগঠনৰ স্বেচ্ছাসেৱকসকলে নিষ্ঠা সহকাৰে যিখিনি কাম আগবঢ়াইছে সেয়া মুঠেই যথেষ্ট নহয়। আমি ছাত্ৰ সংগঠন এছ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কাউঞ্চিলে চৰকাৰক যুদ্ধকালীন তৎপৰতাৰে আৰু সঠিক পৰিকল্পনা কৰি সকলো মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে দাবী জনাইছো।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande