ৰাজীৱ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৮২ সংখ্যক জন্মদিৱস পালন: শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা সম্পন্ন
গুৱাহাটী, ২০ আগষ্ট (হি.স.)। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৮২ সংখ্যক জন্মদিৱস উপলক্ষে আজি গুৱাহাটী স্থিত ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পুৱা ১১ বজাত প্ৰাক্
कांग्रेस लोगो


গুৱাহাটী, ২০ আগষ্ট (হি.স.)। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৮২ সংখ্যক জন্মদিৱস উপলক্ষে আজি গুৱাহাটী স্থিত ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পুৱা ১১ বজাত প্ৰাক্তন সাংসদ বলীন কুলীয়ে ২১ গছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

বন্তি প্ৰজ্বলনৰ পিছতেই উপস্থিত দলীয় নেতা-কৰ্মীসকলে ৰাজীৱ ভৱন চৌহদত থকা প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। উক্ত কাৰ্যসূচীত প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক আব্দুৰ ৰহিম, বেবী বেগম, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত থাকে।

পুষ্পাঞ্জলি অনুষ্ঠানৰ পাছতে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ পৌৰোহিত্যত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বক্তব্য ৰাখি প্ৰাক্তন সাংসদ আব্দুল খালেকে প্ৰয়াত ৰাজীৱ গান্ধীৰ দেশ সেৱাৰ কথা স্মৰণ কৰাৰ লগতে মহিলা সবলীকৰণৰ ওপৰত আলোকপাত কৰে।

সভাত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু প্ৰাক্তন সাংসদ বলীন কুলীয়েও নিজৰ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ত্যাগ আৰু অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।

উক্ত সভাত প্ৰাক্তন বিধায়িকা নন্দিতা দাস, বিনন্দ শইকীয়া, আব্দুল বাতেন খন্দকাৰ, জ্যেষ্ঠ নেতা গুণকান্ত গগৈ, ৰূপা দেউৰী, উপ-সভাপতি মেহদী আলম বৰাৰ লগতে মহানগৰ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকল তথা বহুসংখ্যক দলীয় কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande