
ধুবুৰী, ২০ আগষ্ট (হি.স.)। অসম বংগৰ বক্সিৰহাট থানাৰ আৰক্ষীৰ নাকা চেকিঙত উদ্ধাৰ হ'ল ৩৫টা ম'হ। আৰক্ষী সূত্ৰে জানিব পৰা মতে, নাকা চেকিং চলি থকাৰ সময়তে সন্দেহজনক এখন বাহন আটক কৰি তালাচী চলোৱা হয়। তালাচীৰ সময়ত বাহন খনৰ পৰা বৈধ নথি-পত্ৰ অবিহনে অমানৱীয়ভাৱে পৰিবহণ কৰা ৩৫টা ম'হ উদ্ধাৰ কৰে আৰক্ষীয়ে।
ঘটনাৰ সৈতে জড়িত বাহন খনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগতে বাহন খন আৰু উদ্ধাৰ হোৱা ম'হকেইটাও জব্দ কৰা হৈছে। ঘটনাক লৈ প্ৰাসংগিক আইনী ধাৰাত গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে বক্সিৰহাট থানাৰ আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ তদন্তও আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ