
–অকল ভাষা দিৱস উদযাপন কৰি এটা ভাষাক জীয়াই ৰাখিব পৰা নেযায় --ড০ ৰঞ্জন কলিতা
–শিক্ষাৰ্থীৰ গীত -নৃত্যৰে মুখৰিত
পুষ্পলাল স্মৃতি অধ্যয়ন গোষ্ঠীৰ বাৰ্ষিক পত্ৰিকা সম্ভাৰ উন্মোচন
শোণিতপুৰ, ২০ আগষ্ট: (হি.স.)। তেজপুৰ মহাবিদ্যালয়ৰ হেৰেম্ব শৰ্মা সোঁৱৰণী সভাকক্ষত তেজপুৰ মহাবিদ্যালয়ৰ নেপালী বিভাগৰ উদ্যোগত আৰু পুষ্পলাল স্মৃতি অধ্যয়ন গোষ্ঠী, তেজপুৰৰ সহযোগত আজি ৩৪ তম্ নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ সভাপতিত্ব কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকাই। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰঙাপৰা মহাবিদ্যালয় ( স্বায়ত্বশাসিত) ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা।
ড০ কলিতাই ভাষণ প্ৰসংগত উল্লেখ কৰে অকল ভাষা দিৱস অনুষ্ঠিত কৰি এটা ভাষাক জীয়াই ৰাখিব পৰা নাযায় , যদিহে বিদ্যায়তনিক দিশত ইয়াক গুৰুত্ব দিয়া নহয়। অসমত নেপালী ভাষাত গোৰ্খা সম্প্ৰদায়ৰ এজনো পি এইচ ডি ডিগ্ৰীধাৰী ব্যক্তি নথকাটো তেখেতে ক্ষোভ প্ৰকাশ কৰে। পুষ্পলাল স্মৃতি অধ্যায়ন গোষ্ঠীৰ সভাপতি মোহন চুবেদী আৰু তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায়ে ১৯৯৩ চনত কেনেদৰে নেপালী ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত ভাষা হিচাপে স্বীকৃতি লাভ কৰে তাৰ ইতিহাস দাঙি ধৰে।
উক্ত অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য গীত পৰিৱেশন কৰাৰ লগতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী প্ৰদীপ শৰ্মা আৰু অমৰ গৌতমে গীত পৰিৱেশন কৰে। পুষ্পলাল স্মৃতি অধ্যায়ন গোষ্ঠীৰ বাৰ্ষিক পত্ৰিকা সম্ভাৰ উক্ত অনুষ্ঠানত উন্মোচন কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে তেজপুৰ মহাবিদ্যালয়ৰ নেপালী বিভাগৰ মুৰব্বী অধ্যাপক কমল ছেডায়ে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ