
বিজ্ঞান আৰু গণিতৰ প্ৰতি শিক্ষাৰ্থীৰ ধাউতি বৃদ্ধি কৰাৰ প্ৰয়াস
শোণিতপুৰ, ১৯ আগষ্ট : (হি.স.)। ইউনিচেফ আৰু নেইড (NEAID )ৰ তত্ত্বাৱধানত সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ অধীনত দুদিনীয়াকৈ পি.এম.শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হয় অভিজ্ঞতা ভিত্তিত শিক্ষণ প্ৰশিক্ষণ । বিজ্ঞান আৰু গণিতৰ ৫৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক সামৰি কালিৰে পৰা ইং অনুষ্ঠিত এই প্ৰশিক্ষণৰ আজি সামৰণি পৰে ।
জিলা আঁচনি শিক্ষা বিষয়া মনোজ গোহাঁইৰ উপস্থিতিত প্ৰশিক্ষণৰ আদৰণি ভাষণ প্ৰদান কৰে পি এম শ্ৰী তেজপুৰ কলেজিয়েটৰ অধ্যক্ষ ৰবীন বৰাই । দুদিনীয়া এই প্ৰশিক্ষণস্থলীত সমল বিষয়া ময়ূৰী দেৱী আৰু হিয়ানা দাসে বিজ্ঞান আৰু গণিত শিক্ষাৰ ওপৰত প্ৰশিক্ষণৰ প্ৰদান কৰে । আজি প্ৰশিক্ষণস্থলীত উপস্থিত থাকি ইউনিচেফ (UNICEF)ৰ শৈক্ষিক পৰামৰ্শ দাতা চুমন দাসে শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰশিক্ষণৰ উদেশ্য বাৰ্তা প্ৰদান কৰে। উচ্চতৰ পৰ্যায়ত গণিত আৰু বিজ্ঞান বিষয়ত অনীহা প্ৰকাশ কৰা ছাত্ৰ-ছাত্ৰীক অভিজ্ঞতাৰ দ্বাৰা , চিন্তা আৰু বিশ্লেষণ তথা ব্যৱহাৰিক জ্ঞানেৰে প্ৰেৰণাদায়ক কৰিব পৰাকৈ শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰদান কৰা হৈছে অভিজ্ঞতাভিত্তিক শিক্ষণ প্ৰশিক্ষণ ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ