






–বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰদৰ্শনী ‘ছবি ঘৰ’ত পুত্ৰ মাধুৰ্য বৰুৱাই ঐতিহাসিক কেমেৰা অৰ্পণ কৰিলে; ৰূপালী জয়ন্তী বৰ্ষত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীৰ আলোকচিত্ৰ প্ৰদৰ্শন
শোণিতপুৰ ,১৯ আগষ্ট : (হি.স.) অসমৰ কিংবদন্তি আলোকচিত্ৰশিল্পী তথা ‘শ্বাটাৰ গুৰু’ হিচাপে পৰিচিত নলিনী কান্ত বৰুৱাৰ ব্যক্তিগত সংগ্ৰহৰ ঐতিহাসিক ভিন্টেজ কেমেৰাৰ এক সংগ্ৰহ এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত সংৰক্ষিত হ’ব। বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভাগটোৱে আয়োজন কৰা ‘ছবি ঘৰ’ নামৰ আলোকচিত্ৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত আলোকচিত্ৰশিল্পীগৰাকীৰ পুত্ৰ মাধুৰ্য বৰুৱাই এই কেমেৰাসমূহ বিভাগটোক অৰ্পণ কৰে। বিভাগে কেমেৰাসমূহ নিজৰ আলোকচিত্ৰ সংগ্ৰহৰ অংশ হিচাপে সংৰক্ষণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে প্ৰদৰ্শন আৰু শৈক্ষিক ব্যৱহাৰত ৰাখিব। ইয়াৰ জৰিয়তে অসমৰ আলোকচিত্ৰৰ ঐতিহ্য আৰু নতুন প্ৰজন্মৰ দৃশ্য-গল্পকাৰসকলৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ স্থাপন হ’ব।
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপ-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত ছাত্ৰ কল্যাণৰ ডীন মানবেন্দ্ৰ মণ্ডল আৰু মানৱিকী আৰু সমাজবিজ্ঞান অনুষদৰ ডীন অধ্যাপক চন্দন কুমাৰ শৰ্মা উপস্থিত থাকে । ২০২৬ বৰ্ষৰ বিশ্ব আলোকচিত্ৰ দিৱসৰ মূল বিষয়বস্তু ‘HOME’ (ঘৰ)-ৰ সৈতে সংগতি ৰাখি ‘ছবি ঘৰ’ত ‘The Essence of Independence’, ‘Discovering Home Away from Home’ আৰু ‘Nature’—এই তিনিটা বিষয়ত আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থী আৰু গৱেষকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰে। ফলত প্ৰদৰ্শনীত বিভিন্ন শৈক্ষিক পটভূমি আৰু দৃষ্টিভংগীৰ প্ৰতিফলন দেখা যায়। প্ৰদৰ্শনীৰ অন্যতম আকৰ্ষণ আছিল নলিনী কান্ত বৰুৱাৰ আলোকচিত্ৰ জীৱন আৰু ফটোগ্ৰাফীৰ ক্ৰমবিকাশক লৈ প্ৰস্তুত কৰা এক বিশেষ টাইমলাইন। ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা তেওঁৰ ‘Photo Service’ ষ্টুডিঅ’ৰ সৈতে জড়িত ভিন্টেজ কেমেৰাসমূহ প্ৰদৰ্শনৰ জৰিয়তে ফটোগ্ৰাফীৰ যান্ত্ৰিক যুগৰ পৰা বৰ্তমানৰ ডিজিটেল যুগলৈ হোৱা পৰিৱৰ্তনক তুলি ধৰা হয়।
ভাৰত-চীন যুদ্ধকে ধৰি গুৰুত্বপূৰ্ণ ঐতিহাসিক মুহূৰ্ত নলিনী কান্ত বৰুৱাই নিজৰ কেমেৰাত বন্দী কৰিছিল। ইয়াৰ উপৰি প্ৰদৰ্শনীত সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত এক বিশেষ ফটো ৱাল আৰু ‘কেমেৰা অবছকুৰা’ৰ ওপৰত এক বিশেষ প্ৰদৰ্শনো আছিল। কেমেৰাসমূহ গ্ৰহণ কৰি গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° মনোজ দেউৰীয়ে বৰুৱা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ বিশেষভাৱে মাধুৰ্য বৰুৱাক কেমেৰাসমূহ বিভাগটোক অৰ্পণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে এই কেমেৰাসমূহ কেৱল পুৰণি যন্ত্ৰ নহয়; ইয়াৰ সৈতে জড়িত হৈ আছে বহু কাহিনী, স্মৃতি আৰু আলোকচিত্ৰৰ এক সমৃদ্ধ ঐতিহ্য । এই সংগ্ৰহ সংৰক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে আলোকচিত্ৰৰ অতীতৰ পৰা শিকি ভৱিষ্যতৰ দিশত আগবাঢ়িব পাৰিব। মাধুৰ্য বৰুৱাই বিভাগটোৱে নৱপ্ৰজন্মৰ আলোকচিত্ৰশিল্পীসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ছবি সলনি কৰা বা নতুন ছবি সৃষ্টি কৰাটো সহজ হৈ পৰা বৰ্তমানৰ সময়ত শিক্ষাৰ্থীসকলে নিজৰ স্বকীয় সৃষ্টিশীলতা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি আলোকচিত্ৰ নিৰ্মাণ কৰাটো আশাব্যঞ্জক। পিতৃৰ কেমেৰাসমূহ বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হোৱা কথাটো তেওঁৰ বাবে গভীৰভাৱে আৱেগিক বুলি উল্লেখ কৰি তেওঁ কয় যে এই কেমেৰাসমূহৰ মূল্য কেৱল আৰ্থিক নহয়, ইয়াৰ সৈতে জড়িত স্মৃতি আৰু আবেগেই ইয়াক অমূল্য কৰি তুলিছে।
প্ৰদৰ্শনীত শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল প্ৰচেষ্টাৰ শলাগ লৈ উপ-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে আলোকচিত্ৰৰ প্ৰতি অধিক শিক্ষাৰ্থীক আগ্ৰহী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “অংশগ্ৰহণকাৰীসকলে তোলা কেইবাখনো সুন্দৰ ছবি দেখিলোঁ। শিক্ষাৰ্থীসকলে ছবিৰ জৰিয়তে নিজৰ অনুভৱ আৰু কল্পনাক কেনেদৰে প্ৰকাশ কৰিছে, সেয়া উৎসাহজনক। বছৰবোৰৰ লগে লগে কেনেধৰণৰ পৰিৱৰ্তন ঘটে সেয়া বুজিবলৈ আমি সকলো আলোকচিত্ৰৰ এক সংগ্ৰহ গঢ়ি তুলিব লাগে। অধিক সংখ্যক শিক্ষাৰ্থীৰ অংশগ্ৰহণক উৎসাহিত কৰা উচিত।” অনুষ্ঠানৰ অংশ হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অইল ইণ্ডিয়া লিমিটেডৰ কৰ্প’ৰেট কমিউনিকেশ্বনৰ মুখ্য প্ৰবন্ধক জয়ন্ত বৰমুদৈৰ সৈতে এক বিশেষ প্ৰাক্তন ছাত্ৰ মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত যোগাযোগ, দৃশ্য-গল্প কোৱা আৰু পেছাদাৰী ক্ষেত্ৰত আলোকচিত্ৰৰ পৰিৱৰ্তিত ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। আলোকচিত্ৰ প্ৰতিযোগিতাখনৰ বিচাৰক আছিল ফটো সাংবাদিক সমীৰ কৰ, ফটোগ্ৰাফাৰ তথা ভিজুৱেল ষ্ট’ৰিটেলাৰ সাজিজুৰ ৰহমান আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক চন্দন গোস্বামী।বিচাৰক সকলোকে ফুলাম গামোচাৰে আৰু স্মৃতিচিহ্ন দি সম্বৰ্ধনা জনায়।
প্ৰতিযোগিতাৰ ফলাফল:
১. Home Away from Home
প্ৰথম: সূৰজ প্ৰতিম সেনচোৱা (MCJ)
দ্বিতীয়: কৰণজিৎ কোঁৱৰ (MCJ)
তৃতীয়: অংশ নৱৰং (পদাৰ্থ বিজ্ঞান বিভাগ)
২. Essence of Independence
প্ৰথম: কেশৱ কাশ্যপ (MCJ)
দ্বিতীয়: পাৰ্থিৱ সূত্ৰধৰ (MCJ)
তৃতীয়: বন্দনা নেওগ (MCJ)
৩. Nature
প্ৰথম: জ্যোতিষ্মান বৰা
দ্বিতীয়: হিতাকৃত চক্ৰৱৰ্তী
‘ছবি ঘৰ’ সফল কৰি তোলাত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থী আৰু গৱেষকসকলৰ সক্ৰিয় অৱদান আছিল। প্ৰদৰ্শনীৰ পৰিকল্পনা, আলোকচিত্ৰ সংগ্ৰহ, কিউৰেচন, প্ৰতিযোগিতা আৰু সামগ্ৰিক আয়োজনত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ধাৰাবাহিক কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা ‘ছবি ঘৰ’ৰ জৰিয়তে এফালে অসমৰ আলোকচিত্ৰৰ ঐতিহ্য সংৰক্ষণৰ এক প্ৰয়াস কৰা হৈছে, আনফালে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক নিজৰ দৃষ্টিভংগী, অভিজ্ঞতা আৰু সৃষ্টিশীলতাৰ জৰিয়তে সময়ক ধৰি ৰখাৰ এক মঞ্চ প্ৰদান কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ