
–দিব্যাংগ লোকৰ সকলো আঁচনি বন্ধ কৰি অন্তৰ্ভুক্ত কৰা হ'ল অৰুণোদয় আঁচনিত
–ৰাজ্যখনৰ ১ লাখ ৬০ হেজাৰ ৬১৯ গৰাকী দিব্যাংগ লোকৰ ভিতৰত মাত্ৰ ১০ হেজাৰহে অন্তৰ্ভুক্ত হৈছে অৰুণোদয় আঁচনিত
–ভুৱা দিব্যাংগৰ প্ৰমাণ পত্ৰৰে চৰকাৰী চাকৰিত নিযুক্তিৰ নহ'ল তদন্ত
–আৰক্ষীৰ এছ আই পদত ভুৱা দিব্যাংগৰ নিযুক্তিৰ অভিযোগ উত্তৰ অসম দিব্যাংগ সন্থাৰ
–অসমত আজিও ৪৬৮২ টা বেকলগ পদত হোৱা নাই নিযুক্তি
শোণিতপুৰ, ১৯ আগষ্ট (হি.স.)। অসমত এতিয়া দিব্যাংগ লোকসকলৰ কল্যাণৰ বাবে চৰকাৰৰ কোনো আঁচনিয়েই নোহোৱাত আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনৰ পৰা অসমৰ দিব্যাংগ সকলক বোজা বুলি ভৱা অসম চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে উত্তৰ অসম দিব্যাংগ সন্থাই । আনকি পূৰ্বৰ দিন দয়াল দিব্যাংগ আঁচনিৰ পেন্সনৰ ধন বন্ধ কৰি অৰুণোদয় আঁচনিত চামিল কৰাৰ পিছত ৰাজ্যখনৰ ১ লাখ ৬০ হেজাৰ ৬১৯ জন দিব্যাংগৰ ভিতৰত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মাত্ৰ ১০ হাজাৰ দিব্যাংগহে এই আঁচনিত অন্তৰ্ভুক্ত হোৱাত ক্ষুব্ধ হৈ পৰে সংস্থাটো।
উত্তৰ অসম দিব্যাংগ সন্থাৰ প্ৰধান সম্পাদক মৃদুল কুমাৰ বৰাই যদি চৰকাৰে দিব্যাংগ সকলক বোজা বুলি গণ্য কৰিছে তেনেহলে দিব্যাংগ সকলক গুলিয়াই মাৰি পেলাওক বুলি আজি জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনতে ক্ষোভ প্ৰকাশ কৰাত স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ২০০২২ চনলৈকে অসমৰ বিভিন্ন জিলাৰ দিব্যাংগ সকলে দিন দয়াল দিব্যাংগ আঁচনিৰ জৰিয়তে মাহিলী কিঞ্চিৎ ধন লাভ কৰি আহিছল যদিও ২০২২ চনত সেই আঁচনি বন্ধ কৰি অৰুণোদয় আঁচনিৰ লগত চামিল কৰাৰ পিছতেই দিব্যাংগ সকলৰ বাবে এতিয়া কোনো সুকীয়া আঁচনি নোহোৱা হৈ পৰাই নহয় ৰাজ্যখনৰ এতিয়া মাত্ৰ ১০ হাজাৰ দিব্যাংগহে এতিয়া এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ লগতে শোণিতপুৰ জিলাত মাত্ৰ ১৭ শ দিব্যাংগহে এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ পিছত ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক দিব্যাংগ লোকৰ জীৱনলৈ অশনি সংকেত নামি আহিছে ।
অৰুণোদয় আঁচনিত ৰাজ্যৰ হেজাৰ হেজাৰ দিব্যাংগ বঞ্চিত হোৱাৰ অভিযোগ আজি উত্তৰ অসম দিব্যাংগ সন্হাই উথপথপ কৰাৰ লগতে দিব্যাংগৰ অৱস্থা শোচনীয় হৈ পৰিছে বুলি মন্তব্য কৰে ৷একেদৰে দিব্যাংগ সকলে পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিকলাংগ আঁচনিৰ অধীনত তিনিশ টকাকৈ মাহে লাভ কৰিছিল৷এইখন আঁচনিৰ অধীনত শোণিতপুৰ আৰু বিশ্বনাথৰ মুঠ দুহেজাৰ নশ ৫২জন দিব্যাংগই তিনিশ টকাকৈ লাভ কৰিছিল য’দিও চৰকাৰে ইয়াৰ পৰাও ৰাজ্যৰ বহুসংখ্যক দিব্যাংগক বঞ্চিত কৰে৷কেৱল শোণিতপুৰ আৰু বিশ্বনাথতে বৰ্তমান মাত্ৰ এহেজাৰজন দিব্যাংগইহে এই পেঞ্চন লাভ কৰাৰ বাহিৰে জিলা দুখনৰ আধাতকৈ অধিক দিব্যাংগ বঞ্চিত হৈ আছে ৷
আনহাতে অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্যৰ দিব্যাংগ সকলক সামৰি লোৱা হ’ব বুলি ঘোষণা কৰা ৰাজ্য চৰকাৰে পূৰ্বে পেন্সন পাইথকা এক লাখ ৬০হেজাৰ ৬১৯জন দিব্যাংগৰ ভিতৰত মাত্ৰ ১০হেজাৰ জনকহে অৰুণোদয় আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰি বাকী ডেৰলাখৰ অধিক দিব্যাংগক সকলো আৰ্থিক সুবিধাৰ পৰাই বঞ্চিত কৰিলে৷আনহাতে,ৰাজ্য চৰকাৰে ঘোষনা কৰা চৰকাৰী গৃহও আজিলৈকে দিব্যাংগ সকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰি দিব্যাংগ সকলক চৰকাৰী চাকৰিৰ নিযুক্তি বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰি বেকলগ পদসমূহ পূৰণ কৰিবৰ বাবেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগৰ লগতে ৰাজ্যখনত ভূৱা দিব্যাংগই চৰকাৰী নিযুক্তি লাভ কৰাৰ ইয়াৰ কোনো তদন্তৰ ব্যৱস্থা নকৰাৰ লগতে ২০২৩ চনত আৰক্ষীৰ এছ আই নিযুক্তিত বহু ভুৱা দিব্যাংগই নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন কৰি উত্তৰ অসম দিব্যাংগ সন্থাৰ প্ৰধান সম্পাদক মৃদুল কুমাৰ বৰাই এতিয়াও ৰাজ্য চৰকাৰৰ অধীনত ৪৬৮২ টা বেকলগ পোষ্ট খালী থকাৰ চৰকাৰে নিযুক্তি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ।
উল্লেখ্য যে দিব্যাংগ লোকসকলৰ এই সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ উত্তৰ অসম দিব্যাংগ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে ভালেসংখ্যক দিব্যাংগ লোক জিলা আয়ুক্ত কাৰ্যালয়লৈ আহি জিলা আয়ুক্ত গৰাকীৰ অনুপস্থিতিত জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মাক অৱগত কৰে যদিও এই বিষয়ে কোনো সদুত্তৰ নেপালে বুলি উত্তৰ অসম দিব্যাংগ সন্হাৰ প্ৰধান সম্পাদক মৃদুল কুমাৰ বৰাই সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি অচিৰেই সমগ্ৰ বিষয়টোৰ ওপৰত মানৱতাৰ দৃষ্টিৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ