
নগাঁও, ১৯ আগষ্ট (হি.স.)। জুৰীয়াত আৰক্ষীৰ সফল অভিযান ৫খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৩ কুখ্যাত চোৰ।এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে থানাখনৰ অন্তৰ্গত বিভিন্ন স্থানত চলাইছিল অভিযান।
আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫খনকৈ চুৰি হোৱা বাইক।এই চুৰি চক্ৰটোৱে দীৰ্ঘদিন ধৰি চলাই আহিছে বাইক চুৰি কাৰ্য্য। অৱশেষত জুৰিয়া আৰক্ষীৰ জালত পৰিল তিনি গভাইত চোৰ।
ধৃত চোৰ কেইটা ক্ৰমে:মুকছিদুৰ ৰহমান,ছফিৰ উদ্দিন আৰু বিনা আহম্মেদ বুলি জানিব পৰা গৈছে।
সম্প্ৰতি ধৃত চোৰ কেইটাক জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ