
শিৱসাগৰ, ১৯ আগষ্ট (হি.স.)। আমগুৰিত আজি নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ। নাগালেণ্ডলৈ সৰবৰাহৰ সময়তে আমগুৰি আৰক্ষীয়ে জব্দ কৰে থাইলেণ্ড মাগুৰ।
আমগুৰি পেঙেৰা গাঁৱৰ পৰা জব্দ কৰে ১ কুইন্টলৰো অধিক থাইলেণ্ড মাগুৰ।জাগীৰোডৰ পৰা সৰবৰাহ হোৱা থাইলেণ্ড মাগুৰ দীৰ্ঘদিন ধৰি আমগুৰি-হালোৱাটিং হৈ নগালেণ্ডলৈ সৰবৰাহ হৈ আহিছে।আমগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি থাইলেণ্ড মাগুৰ জব্দ কৰে।জব্দকৃত থাইলেণ্ড মাগুৰ পৰৱৰ্তী সময়ত নষ্ট কৰি গাতত পুতি পেলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ