
শোণিতপুৰ, ১৯ আগষ্ট (হি.স.)। অসম যোগ সন্থা আৰু অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত শোণিতপুৰ যোগ সন্থাৰ ১৫ সংখ্যক জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতাখন অহা ২৩ আগষ্ট তাৰিখে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত অনুষ্ঠিত হ'ব । অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শোণিতপুৰ জিলা যোগ সন্থাৰ সভাপতি নীলকান্ত শৰ্মাৰ দ্বাৰা পতাকা উত্তোলনৰ পিছত ৯ -৩০ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু বিয়লি ৫ বজাত বঁটা বিতৰণী তথা পুৰস্কাৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব ।
আনহাতে শোণিতপুৰ জিলা যোগ সন্হাৰ অন্তৰ্গত সকলো শাখাৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব বুলি শোণিতপুৰ জিলা যোগ সন্থাৰ সম্পাদক নমিতা ডেকা লহকৰে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দি ২২ আগষ্ট তাৰিখে বিয়লি ৪ বজাৰ পৰা ৫ -৩০ বজালৈ অসমীয়া ক্লাবৰ কাৰ্যালয়ত সকলো ইভেণ্টৰ প্ৰতিযোগীক পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে । আনহাতে বিজয়ী নিৰ্বাচিত প্ৰতিযোগী সকলে ৩০ সংখ্যক অসম যোগ সন্হাৰ ৰাজ্যিক প্ৰতিযোগিতালৈ নিৰ্বাচিত হ'ব বুুলিও জানিবলৈ দি প্ৰতিযোগী সকলক ৯৪৩৫০ ৬৭৭৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ