
গুৱাহাটী, ১৯ আগষ্ট (হি.স.)। এচিএ ষ্টেডিয়ামত অনুষ্ঠিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ আছাম প্ৰিমিয়াৰ লীগ ২০২৬ৰ ৩৭ সংখ্যক খেলত চৰাইদেউ ছানৰাইজাৰ্ছক ৩০ ৰানত পৰাস্ত কৰি গুৱাহাটী ৰয়েলছে ছেমি ফাইনেলৰ আশা অধিক শক্তিশালী কৰে। এই পৰাজয়ৰ লগে লগে চৰাইদেউ ছানৰাইজাৰ্ছে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে বৰাক লিজেণ্ডছেও ছেমি ফাইনেলত স্থান দখল কৰে।
প্ৰথমে বেটিং কৰি গুৱাহাটী ৰয়েলছে ২০ অভাৰত ৫ উইকেটত ১৮২ ৰান সংগ্ৰহ কৰে, ৰোহিত সেনাপতিৰ ৯৬ ৰানৰ উজ্জ্বল ইনিংছৰ বাবে। ছয় বলত গুঞ্জন জ্যোতি ডেকাৰ অপৰাজিত ১৯ ৰানেৰে দলটোৱে ১৮২ ৰান সংগ্ৰহ কৰাত সহায় কৰে।চৰাইদেউৰ হৈ ঋষভ দীপকে তিনিটা উইকেট দখল কৰে।
লক্ষ্য খেদি খেদি চৰাইদেউ ছানৰাইজাৰ্ছে অধিনায়ক সুমিত ঘাদিগাঁওকাৰ আৰু ঋষিকেশ তামুলীৰ সহায়ত ভাল আৰম্ভণি কৰে। এই যুটিটোৱে প্ৰথম উইকেটত ৫৩ ৰান সংযোজন কৰে। তামুলীয়ে ২১টা বলত ৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সৌম্য কান্তি পলে ১০টা বলত ২৩ ৰান সংগ্ৰহ কৰে। মানস জ্যোতি গগৈয়েও সংগ্ৰাম কৰি ২১টা বলত ৩২ ৰান সংগ্ৰহ কৰে যদিও নিয়মীয়া ব্যৱধানত উইকেট হ্ৰাস পোৱাৰ ফলত দলটো হেঁচাত পৰে।
গুৱাহাটী ৰয়েলছৰ হৈ বাস্তব ৰয়ে সুন্দৰ বলিং কৰি ২১ ৰানত ৪টা উইকেট দখল কৰে। ৰূপেশ ছেত্ৰী আৰু দীপক গোহাঁইয়ে দুটাকৈ উইকেট দখল কৰে। চৰাইদেউৰ সমগ্ৰ দলটোৱে ১৭.৩ অভাৰত ১৫২ ৰান সংগ্ৰহ কৰি ৩০ ৰানত পৰাস্ত হয়।
চমু স্ক’ৰ : গুৱাহাটী ৰয়েলছ : ১৮২/৫, ২০ অভাৰ - ৰোহিত সেন ৯৬, নিবিৰ ডেকা ৩০; ঋষভ দীপক ৩/৩৪।
চৰাইদেৱ ছানৰাইজাৰ্ছ : ১৫২/১০, ১৭.৩ অভাৰ - ঋষিকেশ তামুলী ৩২, মানস জ্যোতি গগৈ ৩২; বস্তব ৰায় ৪/২১, ৰূপেশ ছেত্ৰী ২/২৭, দীপক গোহাঁই ২/২৭।
ফলাফল: গুৱাহাটী ৰয়েলছৰ ৩০ ৰানত জয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া