ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ কলকাতাৰ অগ্নিকাণ্ডত প্ৰাণ আৰু সম্পত্তি হেৰুওৱাত শোক প্ৰকাশ
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গভীৰ নিশা কলকাতাৰ ফ্ৰী স্কুল ষ্ট্ৰীট অঞ্চলত হোটেলত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। বুধবাৰে ৰ
राष्ट्रपति द्रौपदी मूर्मू (फाइल फोटो)।


নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গভীৰ নিশা কলকাতাৰ ফ্ৰী স্কুল ষ্ট্ৰীট অঞ্চলত হোটেলত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে।

বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কলকাতাৰ অগ্নিকাণ্ডত প্ৰাণ আৰু সা-সম্পত্তি হেৰুৱাই শোক প্ৰকাশ কৰে। তেওঁ কয় যে কলকাতাত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাৰ খবৰটো অত্যন্ত দুখজনক। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে কলকাতাৰ অগ্নিকাণ্ডত প্ৰাণ আৰু সা-সম্পত্তি হেৰুৱাই শোক প্ৰকাশ কৰে। শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে অগ্নিকাণ্ডক লৈ শোক প্ৰকাশ কৰি কয় যে এই শোকৰ ঘন্টাত তেওঁৰ চিন্তা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে। আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande