টাটা চেমিকণ্ডাক্টৰ প্ৰকল্পক লক্ষ্য কৰি নিৰ্মাণ হৈ থকা পানী যোগান আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে জাগীৰোডত উপস্থিত মন্ত্ৰী কৃষ্ণেন্দু পাল
নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত এক পৰ্যালোচনা বৈঠকতো মিলিত মন্ত্রী কৃষ্ণেন্দু পাল মৰিগাঁও, ১৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম ক
টাটা চেমিকন্দাক্টৰ প্ৰকল্পক লক্ষ্য কৰি নিৰ্মাণ হৈ থকা পানী যোগান আঁচনিৰ অগ্ৰগতিৰ  বুজ লোৱাৰ উদ্দেশ্যে জাগীৰোডত উপস্থিত মন্ত্ৰী কৃষ্ণেন্দু পাল


নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত এক পৰ্যালোচনা বৈঠকতো মিলিত মন্ত্রী কৃষ্ণেন্দু পাল

মৰিগাঁও, ১৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম কাজ সম্পাদন কৰি ৰাজ্যখনক উন্নয়ন আৰু সমৃদ্ধিৰ নতুন যাত্ৰালৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে । একে লক্ষ্য আগত ৰাখি আজি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী শ্ৰীকৃষ্ণেন্দু পাল জাগীৰোডত উপস্থিত হৈ চেমিকণ্ডাক্টৰ প্ৰকল্পক পানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নিৰ্মিত ( TSAT WSS -12.5 Million Ltr Water Per Day) প্ৰকল্পটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ লগতে মুখ্য অভিযন্তাৰ নেতৃত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা দলেও মন্ত্ৰীগৰাকীক সংগ দিয়ে । মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শন কালত সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ত কাম কাজ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মত প্ৰকাশ কৰে যে এই মেগা প্ৰজেক্টটোক এই পানী যোগান আঁচনিয়ে নিশ্চিতভাৱে সহায় কৰিব যিয়ে শক্তিশালী আন্তঃগাঁথনি শক্তিশালী ঔদ্যোগিক বিকাশ আৰু শক্তিশালী আৰু সজীৱ অসম গঢ়ি তোলাত সহায় কৰিব।

ইয়াৰে পিছত মন্ত্রী গৰাকী নগাঁও জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ত উপায়ুক্ত দেৱাশীশ শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। উক্ত বৈঠকত নগাঁৱৰ জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহৰ সমন্বয় আৰু সময়মতে উপলদ্ধিৰ পদক্ষেপসমূহ আৰু ইয়াৰ ৰূপায়ণৰ অগ্ৰগতি আৰু ক্ষেত্ৰ পৰ্যায়ৰ অগ্ৰাধিকাৰ বিষয় সমূহৰ ওপৰত মন্ত্রী গৰাকীয়ে আলোচনা কৰে আৰু বিষয়াসকলক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাত অকাৰ্য্যক্ষম হৈ থকা পানী যোগান আঁচনি সমূহ অহা দহ দিনৰ ভিতৰত কায্যৰ্ক্ষম কৰি তুলিবলৈও বিভাগীয় বিষয়াসকলক জৰুৰী নিৰ্দেশনা প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande