কলকাতা হোটেলৰ অগ্নিকাণ্ডত নিহত ৯ জনৰ ভিতৰত ৫ বাংলাদেশী নাগৰিক
কলকাতা, ১৯ আগষ্ট (হি.স.)। কলকাতাৰ ধৰ্মতলা অঞ্চলৰ মিৰ্জা গালিব ষ্ট্ৰীটৰ এখন হোটেলত মঙলবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত নিহত হোৱা ৯ জন লোকৰ ভিতৰত পাঁচজন বাংলাদেশী নাগৰিকো আছে। কলকাতাত থকা বাংলাদেশ উপ উচ্চায়ুক্তৰ উপ-উচ্চায়ুক্ত মহম্মদ খালিদে এই কথা
इसी होटल के पास लगी है आग


কলকাতা, ১৯ আগষ্ট (হি.স.)। কলকাতাৰ ধৰ্মতলা অঞ্চলৰ মিৰ্জা গালিব ষ্ট্ৰীটৰ এখন হোটেলত মঙলবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত নিহত হোৱা ৯ জন লোকৰ ভিতৰত পাঁচজন বাংলাদেশী নাগৰিকো আছে। কলকাতাত থকা বাংলাদেশ উপ উচ্চায়ুক্তৰ উপ-উচ্চায়ুক্ত মহম্মদ খালিদে এই কথা নিশ্চিত কৰিছে। অৱশ্যে কলকাতা আৰক্ষীৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই।

খবৰ অনুসৰি, পাঁচজন বাংলাদেশী নাগৰিকৰ ভিতৰত চাৰিজন কুষ্টিয়াৰ আৰু এজন ঢাকাৰ সাৱৰ অঞ্চলৰ। নিহত দুজন হৈছে দেবাশীষ দত্ত, শৰ্নাশীষ দত্ত, আফছানা শিম্মিন, মহম্মদ আক্ৰাম আলী আৰু ঢাকাৰ সাৱৰ বাসিন্দা আহমেদ বাবু । শৰ্ণাশীষৰ বয়স আছিল মাত্ৰ তিনি বছৰ।

খবৰ অনুসৰি, দেবাশীষ দত্ত পত্নী আফছানা শ্বিমিন আৰু তিনি বছৰীয়া পুত্ৰ শৰ্নাশিষৰ সৈতে বেংগালুৰুলৈ গৈছিল। শিশুটিৰ চিকিৎসাৰ অন্তত মঙলবাৰে তিনিওজনে কলকাতালৈ উভতি আহে। ইয়াৰ পিছতে তেওঁলোকে ধৰ্মতলাৰ মিৰ্জা গালিব ষ্ট্ৰীটৰ শিখা ইন হোটেলত এটা কোঠা বুকিং কৰে। সেই নিশাই হোটেলখনত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় আৰু তিনিওজনৰ মৃত্যু হয়।

বাংলাদেশৰ উপ উচ্চায়ুক্তৰ এগৰাকী বিষয়াই স্থানীয় আৰক্ষী থানা আৰু মৰ্গত উপস্থিত হৈ মৃত লোকজনক চিনাক্ত কৰে। স্থানীয় আৰক্ষীৰ সহযোগত পাঁচোজনক বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে। উপ-উচ্চায়ুক্ত মহম্মদ খালিদেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

উল্লেখযোগ্য যে মঙলবাৰে নিশা ধৰ্মতলাৰ মিৰ্জা গালিব ষ্ট্ৰীটৰ শিখা ইন হোটেলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। জুই আৰু ধোঁৱাৰ ফলত হোটেলখনৰ ভিতৰত আবদ্ধ হৈ থকা ৯ জন লোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। ঘটনাৰ পিছতে হোটেলখনৰ অগ্নিনিৰ্বাপক ব্যৱস্থা আৰু অন্যান্য অনুমতি পত্ৰক লৈ প্ৰশ্ন উত্থাপন হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande