আৰ ডি আই পুঁজিৰ অপব্যৱহাৰ আৰু স্বাৰ্থৰ সংঘাত ৰোধৰ বাবে কঠোৰ নিয়মাৱলী স্থাপন কৰা হৈছেঃ ড০ জিতেন্দ্ৰ সিং
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে উল্লেখ কৰিছে যে গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (আৰ ডি আই) পুঁজিৰ অপব্যৱহাৰ আৰু স্বাৰ্থৰ সংঘাত ৰোধৰ বাবে কঠোৰ নিয়ম স্থাপন কৰা হৈছে। এই নিয়মসমূহৰ উদ্দেশ্য হৈছে চৰকাৰী (কৰদাতাৰ) ধন আৰু
केन्द्रीय मंत्री डॉ. जितेन्द्र सिंह


নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে উল্লেখ কৰিছে যে গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (আৰ ডি আই) পুঁজিৰ অপব্যৱহাৰ আৰু স্বাৰ্থৰ সংঘাত ৰোধৰ বাবে কঠোৰ নিয়ম স্থাপন কৰা হৈছে। এই নিয়মসমূহৰ উদ্দেশ্য হৈছে চৰকাৰী (কৰদাতাৰ) ধন আৰু ব্যক্তিগত বিনিয়োগ দুয়োটাকে সুৰক্ষিত কৰা। তেওঁ উল্লেখ কৰে যে যিকোনো অংশীদাৰৰ উন্নত সুৰক্ষাৰ বাবে পৰামৰ্শ আছে, চৰকাৰে তেওঁলোকক আদৰি ল’ব।

বুধবাৰে বিজ্ঞান মন্ত্ৰালয়সমূহৰ পৰ্যালোচনা বৈঠকৰ সময়ত বিষয়াসকলে ৰিপ’ৰ্ট কৰে যে আৰ ডি আই পুঁজিৰ অধীনত নিৰ্বাচিত কিছুমান কোম্পানীক ধন মুকলি কৰা হৈছে। বাকী থকা কোম্পানীসমূহেও শীঘ্ৰে ধন লাভ কৰিব।

ড০ জিতেন্দ্ৰ সিঙে বিষয়াসকলক আহ্বান জনায় যে তদন্ত আৰু প্ৰয়োজনীয় পদ্ধতিত যাতে কোনো শিথিলতা নাথাকে, কিন্তু পুঁজি মুকলি কৰাৰ ক্ষেত্ৰতো অপ্ৰয়োজনীয় পলম হ’ব নালাগে।

দুসপ্তাহত নতুন ফাণ্ড মেনেজাৰ

বৈঠকত জনোৱা হয় যে নতুন ফাণ্ড মেনেজাৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু প্ৰায় দুসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই ফাণ্ড মেনেজাৰে আৰ ডি আই ফাণ্ডৰ অধীনত যোগ্য কোম্পানী চিনাক্তকৰণ আৰু বিনিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব।

আৰ ডি আই পুঁজিৰ দ্বাৰা সামৰি লোৱা প্ৰযুক্তি খণ্ডৰ পৰিসৰ বৃদ্ধিৰ বাবেও চৰকাৰে প্ৰস্তুতি চলাইছে। বিভিন্ন মন্ত্ৰালয়ৰ পৰা পৰামৰ্শ লোৱা হৈছে যাতে এআইকে ধৰি নতুন আৰু কৌশলগত প্ৰযুক্তিয়ে উপযুক্ত ধন লাভ কৰিব পাৰে।

আৰ ডি আই পুঁজিৰ বিনিয়োগৰ প্ৰায় ৫০ শতাংশ ব্যক্তিগত খণ্ডৰ পৰা আহিব বুলি আশা কৰা হৈছে। সেয়েহে চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা পুঁজিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত কৃতিত্ব প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়া, চুটি ভিডিঅ’, ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ইষ্টিক ২০২৬ শীৰ্ষ সন্মিলন আৰু ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া স্বচ্ছ সাগৰীয় নিৰাপদ সাগৰ অভিযানৰ প্ৰস্তুতিও পৰ্যালোচনা কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande