গৃহমন্ত্ৰী অমিত শ্বাহক দিল্লীৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বুধবাৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। ছ’চিয়েল মিডিয়া একাউণ্টত মুখ্যমন্ত্ৰীয়ে দিল্লীৰ সৰ্বাংগীন উন্নয়ন, সুশাসন, জনকল্যাণ, আৰু ভৱিষ্যতৰ
केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह से बुधवार को दिल्ली की मुख्यमंत्री रेखा गुप्ता ने शिष्टाचार भेंट करते हुए


নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বুধবাৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে।

ছ’চিয়েল মিডিয়া একাউণ্টত মুখ্যমন্ত্ৰীয়ে দিল্লীৰ সৰ্বাংগীন উন্নয়ন, সুশাসন, জনকল্যাণ, আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত গৃহমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। জনকল্যাণমূলক আঁচনিৰ সুবিধা যাতে শেষ মাইলত উপনীত হয় আৰু দিল্লীয়ে উন্নয়নৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰে তাৰ বাবে তেওঁৰ বিস্তৃত অভিজ্ঞতা আৰু পৰামৰ্শই গভীৰভাৱে প্ৰেৰণাদায়ক আছিল।

ৰাষ্ট্ৰীয় আৰু জনসেৱাৰ প্ৰতি তেওঁৰ সমৰ্পণে আমাৰ সকলোকে কৰ্তব্য অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande