জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ আই ছিৰিজৰ বাবে ঘোষণা দক্ষিণ আফ্ৰিকাৰ মহিলা দল
নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে জিম্বাবুৱে ভ্ৰমণ কৰিব, য’ত দুয়োটা দলে প্ৰথমবাৰৰ বাবে পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত মুখামুখি হ’ব। অহা মাহৰ ১১ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগ
15 सदस्यीय दक्षिण अफ्रीका महिला टीम


নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে জিম্বাবুৱে ভ্ৰমণ কৰিব, য’ত দুয়োটা দলে প্ৰথমবাৰৰ বাবে পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত মুখামুখি হ’ব। অহা মাহৰ ১১ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই ধাৰাবাহিকখনৰ বাবে বুধবাৰে প্ৰটিয়াছ মহিলাৰ ৰাষ্ট্ৰীয় বাছনি পেনেলে ১৫ জনীয়া দল ঘোষণা কৰে।

জিম্বাবুৱেৰ বুলাৱায়োৰ কুইন্স স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব এই শৃংখলাৰ পাঁচখন মেচ। ল’ৰা উলভাৰ্ডে দলটোৰ নেতৃত্ব দিব। এই দলটোত কেইবাটাও নতুন মুখ দেখা গৈছে, য’ত আছে তিনিজন খেলুৱৈ যিয়ে এতিয়াও আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাব পৰা নাই। ফাষ্ট বলাৰ কেটলিন উইংগাৰ্ডক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।

শেহতীয়াকৈ বাংলাদেশ ইমাৰ্জিং টিমৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা ইমাৰ্জিং উইমেনছ ভ্ৰমণৰ সময়ত উইংগাৰ্ডে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ মহিলাৰ সতীৰ্থ ন্থাবিচেং নিনি আৰু অফ স্পিনাৰ লুয়াণ্ডা নুজাইও প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ কল আপ লাভ কৰিছে। ইয়াৰ উপৰিও ফেই টানিকলিফ, এনেকে বছ, আয়াণ্ডা হলুবি, এলিছ-মাৰী মাৰ্কছ, চেছনি নাইডু, নণ্ডুমিছ’ শ্বাংগাছে, আৰু মিয়ানে স্মিট আদি দলটোত আছে।

উইকেটকীপাৰ বেটছমেন চিনালো জাফটা আৰু কাৰাবো মেছ’ৰ লগতে কাইলা ৰেইনেকে আৰু এনেৰী ডাৰ্কচেনেও দলটোক শক্তিশালী কৰিব। জিম্বাবুৱেৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা মহিলা দল : ল’ৰা উলভাৰ্ড (অধিনায়ক), এনেকে বছ, এনেৰী ডাৰ্কচেন, আয়াণ্ডা হুবি, চিনালো জাফটা, এলিছ-মাৰী মাৰ্কছ, কাৰাবো মেছ’, চেছনি নাইডু, লুয়াণ্ডা নুজা, কাইলা ৰেনেকে, ন্থাবিচেং নিনি, নণ্ডুমিছ’ শ্বাংগাছে, মিয়ানে স্মিট, ফেই টানিকলিফ, আৰু কেটলিন উইনগাৰ্ড।

ছিৰিজৰ সূচী: প্ৰথম টি-২০আই - ১১ ছেপ্টেম্বৰ, বুলাৱায়ো

দ্বিতীয় টি২০আই - ১৩ ছেপ্টেম্বৰ, বুলাৱায়ো

তৃতীয় টি২০আই - ১৫ ছেপ্টেম্বৰ, বুলাৱায়ো

চতুৰ্থ টি২০আই - ১৭ ছেপ্টেম্বৰ, বুলাৱায়ো

পঞ্চম টি২০আই - ১৯ ছেপ্টেম্বৰ, বুলাৱায়ো

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande